W7s News ষ্টাফৰিপোৰ্টাৰ: সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ১২১ সংখ্যক জন্ম দিৱস দেওবাৰে আৰ জি বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত পালন কৰা হয়। এই উপলক্ষে আধুনিক অসম নিৰ্মাণৰ স্বপ্নদ্ৰষ্টা ৰাধাগোবিন্দ বৰুৱাৰ গুৱাহাটীৰ দীঘলীপুখুৰীৰ দক্ষিণ পাৰত থকা ব্ৰঞ্জৰ মূৰ্তিত দেওবাৰে পুৱা পুষ্পাঞ্জলি আৰু মাল্যাপৰ্ণ কৰা হয়। লগতে মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ্য়। চৰকাৰী ক'ভিড বিধি অনুসৰি আয়োজন কৰা আৰ জি বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ভুবন লহকৰে অনুষ্ঠানটো আঁতধৰি সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ কয়। অনুষ্ঠানত প্ৰাক্তন সাঁতোৰবিদ, প্ৰশিক্ষক ৰমেন দাসে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত থকা অৱদানৰ বিষয়ে চমুকৈ কয়।অনুষ্ঠানত আছাম ট্ৰিবিউন স্পোৰ্টছ ক্লাৱৰ সভাপতি হিৰণ্য বৰ্মন, আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডৰ জ্যেষ্ঠ উৎপাদন বিষয়া অসীম কুমাৰ ডেকা আদি উপস্থিত থাকে।
No comments:
Post a Comment