ডেম'ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ উদ্যোগত 'ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা অনুষ্ঠান' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 October 2021

ডেম'ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ উদ্যোগত 'ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা অনুষ্ঠান'

 *



*


#শংকৰদেৱ বিষয়ক বক্তৃতানুষ্ঠান, সত্ৰীয়া নৃত্যানুষ্ঠান, জনপ্ৰিয় কুইজ মাষ্টাৰৰ শংকৰদেৱ কুইজ


#ডা: হিতেশ বৰুৱাই উদ্বোধন কৰা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ লয় সংগীত নাটক অকাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্য গুৰু ৰামকৃষ্ণ তালুকদাৰে


#



W7s News ষ্টাফৰিপোৰ্টাৰ: সীমিত গণ্ডীৰ আৱেষ্টনীৰ পৰা উলিয়াই আনি শংকৰদেৱৰ বিশ্বজনীনতাক উপলব্ধি কৰাৰ ক্ষেত্ৰত এক খোজৰ অংশ হিচাপে ডেম'ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা অনুষ্ঠান। মৰম কুমাৰৰ পৰিকল্পনা-পৰিচালনাৰে অনুষ্ঠিত অনুষ্ঠান সংগীত পৰিচালক ডা: হিতেশ বৰুৱাই উদ্বোধন কৰে। উক্ত শংকৰদেৱ চৰ্চা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে সংগীত নাটক অকাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে।  তালুকদাৰে 'সাংস্কৃতিক দিশত শংকৰদেৱ' শীৰ্ষক বক্তৃতা প্ৰদান কৰি নৃত্য উপাদানৰ ভিন্ন দিশ তুলি ধৰে।বাকী বক্তাসকল আৰু তেওঁলোকৰ বক্তৃতাৰ বিষয় এনেধৰণৰ: ৰমেন দাস, শংকৰদেৱ গৱেষক-লেখক-শিল্পী (অসমীয়া জাতি গঠনত শংকৰদেৱ), ড° ডালিমী কোঁৱৰ, লোকসংগীতশিল্পী (শংকৰদেৱৰ অংকীয়া নাট ভাওনা), ডা: কনক চন্দ্ৰ তালুকদাৰ, বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ তথা উপসভাপতি, অসম সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতি (শংকৰদেৱৰ ধৰ্মনিৰপেক্ষ দিশ), ডা: অম্লান দাস, সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ (ৰাষ্ট্ৰীয় সংহতিত শংকৰদেৱ) সাংবাদিক মৰম কুমাৰে আঁত ধৰিবলগীয়া অনুষ্ঠানৰ আন এক দিশ আছিল বক্তৃতাৰ মাজে মাজে পৰিচেশন কৰা নৰ্তন কলা নিকেতন আৰু শ্ৰীমন্ত শংকৰদেৱ কলা একাডেমীৰ শিল্পীসকলে ভোৰতাল নৃত্য, কৃষ্ণ নৃত্য, দৌলোৎসৱৰ নৃত্যই সকলোকে মুগ্ধ কৰি তোলে।অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে সুকন্যা শৰ্মা আৰু নয়নিকা হাজৰিকাই। ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই অংশ লৈ আয়োজকক ভূয়সী প্ৰশংসা কৰে। আনহাতে অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক-দিলীপ কুমাৰ শৰ্মা পৰিচালনা আৰু দীপাংকৰ ভট্টাচাৰ্যৰ সহযোগিতাৰে অনুষ্ঠিত 'বিশেষ শংকৰদেৱ কুইজ'। প্ৰতিটো উত্তৰৰ লগে লগে আগবঢ়োৱা হয় শংকৰদেৱ বিষয়ক কিতাপ। কিতাপসমূহ আৰজি পাব্লিকেশ্বন, চন্দ্ৰ প্ৰকাশ আৰু  ৰমেন দাসে আগবঢ়ায় বজালীৰ সত্ৰাধিকাৰ মথুৰামোহন তালুকদাৰে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত নেপেডছৰ অধ্যক্ষ ড° প্ৰশান্ত শইকীয়া, নেপেডছৰ পৰিচালন সঞ্চালিকা মল্লিকা কোঁৱৰ, অসম আন্দোলনৰ নিৰ্যাতিতা লেখক হীৰেণ চহৰীয়া, ৰ'টাৰী ক্লাব অৱ গুৱাহাটীৰ সভাপতিৰ বি এন বৰুৱা, ফেচ ইণ্ডিয়াৰ জনসম্পৰ্কৰক্ষী বিষয়া ছায়া কলিতা, লেখিকা ড° গীতা দত্ত চহৰীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানত কবি দেৱপ্ৰসাদ তালুকদাৰে শংকৰদেৱ বিষয়ক কবিতা পাঠ কৰে। কুইজ অনুষ্ঠানত প্ৰজেক্টৰৰ জৰিয়তে শংকৰদেৱৰ ভিন্ন দিশ তুলি ধৰি প্ৰশ্নবোৰ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰে পৰিচালকদ্বয়ে।

অনুষ্ঠানক আন এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ আগ্ৰহেৰে শংকৰদেৱ বিষয়ক পদক্ষেপৰ প্ৰতি বিশেষ সমৰ্থন প্ৰকাশ কৰি নিজৰ দুখন গ্ৰন্থ উন্মোচনৰ বাবে আগবাঢ়ি অহা লেখিকা মঞ্জু দেৱী (মালিগাঁও)ৰ 'আত্মজ' আৰু 'সূৰ্যস্নান' নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ব্যক্তিসকলে।  এই অনুষ্ঠানতে শংকৰদেৱৰ সংস্কৃতিৰ চৰ্চা কৰি বিশেষ অৱদান যোগাই অহা সত্ৰীয়া নৃত্যগুৰু ডলীৰাণী তালুকদাৰ আৰু খোলবাদক কৃষ্ণ দাসক শংকৰদেৱ সম্বৰ্ধনা প্ৰদান কৰা হয়। লগতে অনুষ্ঠান পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হয় অংশগ্ৰহণৰ প্ৰমাণপত্ৰ। অনুষ্ঠানৰ আৰম্ভণিতে ধন কুমাৰ বিষয়া আৰু সহযোগী শিল্পীসকলে বৰগীত পৰিৱেশন কৰি এক ভক্তিমূলক আৰম্ভণি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here