গুৱাহাটীত লেমনগ্ৰাছ এক্সক্লুশ্বিভ শ্ব’ৰূম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 25 October 2021

গুৱাহাটীত লেমনগ্ৰাছ এক্সক্লুশ্বিভ শ্ব’ৰূম মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ : কংক্রিটৰ গুৱাহাটী মহানগৰীত বিদেশী সতেজ ফল-মূল, ফুল আৰু অন্যান্য আমদানিকৃত খাদ্য-সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ দুগৰাকী যুৱ উদ্যোগী মহিলাই লেমনগ্রাছ এক্সক্লুশ্বিভ শ্বৰূম নামৰ এক বিশেষ বিপণী মুকলি কৰে। লেমনগ্ৰাছ এক্সক্লুছিভ শ্ব’ৰুমটো প্ৰাগ নিউজৰ অধ্যক্ষা অক্ষিতা নাৰায়ণে উদ্বোধন কৰে। এই সন্দৰ্ভত নাৰায়ণে কয়  'এই এক্সক্লুছিভ লেমনগ্রাছ শ্বৰূম মুকলি হোৱাৰ লগে লগে কেৱল গুৱাহাটীৰ মানুহেই নহয়, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলেও এখন চালৰ তলত সম্পূৰ্ণ বৈচিত্ৰ্যপূৰ্ণ আৰু আমদানিকৃত ফল আৰু ফুল লাভ কৰিব। উদ্বোধনী অনুষ্ঠানত বিপণীৰ মুৰব্বী মনীষা দেওৰাহ আৰু শিখা জাজোদিয়াই কয়  'আগতে গুৱাহাটীৰ লোকসকলে সতেজ বিদেশী ফল, ফুল আৰু অন্যান্য আমদানিকৃত খাদ্য-সামগ্ৰীৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হৈছিল। এনে পৰিস্থিতিত, লেমনগ্ৰাছৰ এই এক্সক্লুছিভ বিপণী মুকলি হোৱাৰ পিছতেই তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা এটা চালৰ তলত পূৰ্ণ কৰিব পাৰিব। তেওঁলোকে লগতে কয় 'এই দোকানখনত বিশ্বৰ বিভিন্ন দেশৰ পৰা বিভিন্ন ধৰণৰ আমদানিকৃত ফল, ফুল, আইচক্রীম, চকলেট, শুকান ফল, বুক্লাভা, মমবাতি, বেচপোক হেম্পাৰ আদি উপলব্ধ হ’ব। ৮০০ বর্গফুটত বিস্তাৰিত দোকানখনত বিভিন্ন ধৰণৰ আমদানিকৃত খাদ্য-সামগ্রী উপলব্ধ হৈছে। গ্ৰাহকসকলকে তেওঁলোকৰ চাহিদা আৰু তেওঁলোকৰ বাজেট অনুসৰি সামগ্রী ক্ৰয় কৰিব পাৰিব। আগন্তুক দেৱালীৰ প্ৰতি লক্ষ্য ৰাখি এই বিপণীত হেম্পাৰৰ কর্পোৰেট বুকিঙৰ ব্যৱস্থা কৰা হৈছে। এতিয়াৰ পৰা মানুহে আমদানি কৰা খাদ্য-সামগ্ৰীৰ বাবে বাহিৰলৈ যাব নালাগে বুলি আশা প্রকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here