ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু:* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 October 2021

ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু:*

 


সংস্কৃতৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্ত্তি:






W7s News ষ্টাফৰিপোৰ্টাৰ : সংস্কৃত ভাষাটো এটা অতি প্ৰাচীন ভাষা,আধ্যত্মিক ভাষা।সৰুৰে পৰা এই ভাষাটোৰ ওপৰত অধ্যয়ন কৰিবলৈ মোৰ জীৱনত এটা হেপাহ আছিল,অৱশেষত আজি সেই আশা পূৰন হ'ল ।সংস্কৃতৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰি এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।গান্ধী জয়ন্তীৰ দিনা জনতা ভবনত নিজৰ কাৰ্যালয়ত উপস্থিত থাকি সংস্কৃত বিষয়ৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।ইয়াৰ জৰিয়তে আগন্তুক দুইবছৰৰ ভিতৰত মন্ত্ৰী গৰাকীয়ে সংস্কৃত ভাষাত কথাকোৱা আৰু লিখিবলৈ সক্ষম হব বুলিও মন্তব্য কৰে। এই নামভৰ্তি অনুস্থানত উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চল (ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী,সংস্কৃত ভাৰতী (অসম প্ৰান্ত)ৰ সাংগঠনিক সম্পাদক ভবেন শইকীয়া,সংস্কৃত ভাৰতী ( অসম প্ৰান্ত)ৰ অধ্যক্ষ কুমুদ বৰঠাকুৰ,সঞ্চালক তথা আয়ুস পাব্লিক স্কুল, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰদুন্ম্য দত্ত।এই ৪গৰাকী সংস্কৃত ভাষা বিশেষজ্ঞৰ উপস্থিতিত নামভৰ্ত্তি কৰি যথেষ্ট সুখি বুলি উল্লেখ কৰে শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৱে।উল্লেখযোগ্য যে, এই নামভৰ্ত্তি প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যত সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ  শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আহ্বান জনায়।মুঠৰ ওপৰত অতি ব্যস্ততাৰ মাজতো এটা ভাষা শিকিবলৈ মন্ত্ৰী গৰাকীয়ে দেখুওৱা আগ্ৰহ বহুতৰে বাবে অনুকৰনীয় হৈ ৰ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here