গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি দক্ষিণগাঁৱত ক'ভিড প্ৰতিষেধক প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 October 2021

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি দক্ষিণগাঁৱত ক'ভিড প্ৰতিষেধক প্ৰদান

 




W7s News ষ্টাফৰিপোৰ্টাৰ : গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি দক্ষিণগাঁৱত ক'ভিড প্ৰতিষেধক প্ৰদান। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি উদ্যোগত দক্ষিণগাঁও শ্বাহী জামে মছজিদ আৰু স্থানীয় ৰাইজৰ সহযোগত এই ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুস্থিত কৰা হয়।


শনিবাৰে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ গিৰিনগৰত পালন কৰা হয় গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মতিথিৰ লগত সংগতি ৰাখি গিৰিনগৰত এক বিনামূলীয়া কভিড প্ৰতিষেধক কাৰ্যসূচীও ৰূপায়ন কৰা হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি উদ্যোগত দক্ষিণগাঁও শ্বাহী জামে মছজিদ আৰু স্থানীয় ৰাইজৰ সহযোগত এই ক'ভিড প্ৰতিষেধক কাৰ্যসূচী ৰূপায়ন কৰা হয় গিৰিনগৰত।


ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক লোক ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে। ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় এই প্ৰতিষেধক কেন্দ্ৰত। স্থানীয় ৰাইজে ঘৰৰ ওচৰতে ক'ভিড প্ৰতিষেধক গ্ৰহণৰ সুবিধা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে। বিশেষকৈ অঞ্চলটোৰ মহিলা আৰু বৃদ্ধ সকলে গান্ধী জয়ন্তীৰ দিনাই এনে এক কাৰ্যসূচী হাতত লোৱা কাৰ্যৰ শলাগ লয়। 


ক'ভিড প্ৰতিষেধ প্ৰদান কাৰ্যসূচীৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত কৰা হয় এক চিত্ৰাংকন প্ৰতিযোগিতা। গিৰিনগৰৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকল এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। অঞ্চলতটোৰ প্ৰায় দুই শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এই চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here