'চোতালৰ পখিলা' আলোচনী উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 September 2021

'চোতালৰ পখিলা' আলোচনী উন্মোচন




W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমীয়া শিশু আলোচনীৰ বাবে আজি এটা উল্লেখযোগ্য দিন।  সমাজৰ ভৱিষ্যত গঢ় দিব এই আলোচনীখনে-এইদৰে কয় বিশিষ্ট শিক্ষাবিদ ড০ অমৰ জ্যোতি চৌধুৰীয়ে। দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত শিশু- কিশোৰৰ এখন তিনিমহীয়া আলোচনী 'চোতালৰ পখিলা' উন্মোচন কৰি তেওঁ লগতে কয় '

ভৱিষ্যত প্ৰজন্মৰ বাবে চিন্তা কৰিছে এই আলোচনীখনে। অসমত এনে আলোচনীৰ প্ৰয়োজন আছে।' সভাতবিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে কয় 'শিশু সকল শক্তি, সম্ভাৱনাৰ আকৰ। প্ৰত্যেক শিশুৰে প্রচুৰ  সম্ভাৱনা আছে।' আলোচনী খনৰ সম্পাদক বিশিষ্ট শিশু সাহিত্যিক যুগল লোচন দাসে আদৰণি ভাষণত  কয় '  ২০২০ বৰ্ষত ক'ৰনা ভাইৰাছৰ সংক্ৰমণত  হোৱা লকডাউনৰ সময়ত ছ'চিয়েল মিডিয়াত শিশু সকলৰ বৌদ্ধিক বিকাশৰ এখন মঞ্চ হিচাবে জন্ম দিছিলোঁ এটি হোৱাটছ এপ গোট 'চোতালৰ পখিলা'। তাত শিশুসকলে ছবি আঁকিছে, পদ্য- গল্প  লিখিছে। গীত- নৃত্যও কৰি 'চোতালৰ পখিলা' মুখৰ কৰি তুলিলে। তদুপৰি জ্যেষ্ঠসকলেও শিশু সাহিত্য চৰ্চা কৰি এক অনন্য মাত্ৰা প্ৰদান কৰিলে। বিশিষ্ট শিশু সাহিত্যিকসকলো গোটত অন্তৰ্ভুক্ত হ'ল। ইয়াত দিয়া সকলোৰে লেখাবোৰ শিশু আলোচনীবোৰে প্ৰকাশ কৰিলে। সকলোৰে উৎসাহত, সহযোগিতাত গোটৰ পৰা এখন তিনিমহীয়া আলোচনী 'চোতালৰ পখিলা' সম্পাদনা কৰিবলৈ আমি সাহস পালোঁ। ৰাইজে 'চোতালৰ পখিলা'ক শিশু- কিশোৰসকলৰ হাতত তুলি দিব বুলি আশা কৰিলোঁ। শিশুৰ বৌদ্ধিক, মানসিক, নৈতিক, কল্পনা আৰু সৃজনীশীল শক্তি বিকাশৰ লক্ষ্য হ'ল 'চোতালৰ পখিলা'ৰ।শেষত আজি সকলো প্ৰতিক্ষাৰ অন্ত পেলাই সকলোৰে হেঁপাহৰ আলোচনীখন উন্মোচন কৰা হ'ল।'   উন্মোচনী সভাত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা প্ৰাপক বন্দিতা ফুকন , শিশু সাহিত্যিক নীলিমা বৰা, বিজয়া গগৈ আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ অৱসৰী সঞ্চালক কমললোচন দাস। 'চোতালৰ পখিলা'লৈ হৃষীকেশ গোস্বামীয়ে ২৫,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই সকলোকে উৎসাহিত কৰে। আলোচনীখনৰ প্ৰকাশৰ ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়োৱা মনীষা শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। সভাখনত উপস্থিত থকা সকলো শুভাকাংক্ষী আৰু গোটৰ সদস্যসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here