কৰ্ণেল জগদীশ কাকতিৰ অনুবাদ উপন্যাস “দ্য পেলেচ মেইড” উন্মোচন কৰিলে বিপুল দেউৰীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 September 2021

কৰ্ণেল জগদীশ কাকতিৰ অনুবাদ উপন্যাস “দ্য পেলেচ মেইড” উন্মোচন কৰিলে বিপুল দেউৰীয়ে

 




W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীত দেওবাৰে  উন্মোচন কৰা হ’য় ইংৰাজী উপন্যাস“ দ্য পেলেচ মেইড”৷ কৰ্ণেল জগদীশ কাকতিয়ে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা “দ্যা পেলেচ মেইড” শীৰ্ষক উপন্যাসখন আজি প্ৰতীক্ষা তীৰ্থায়ন এপাৰ্টমেণ্টৰ কমিউনিটি  হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক তথা সাহিত্য অকাডেমী অনুবাদ সাহিত্য বঁটা প্ৰাপক বিশিষ্ট লেখক,কবি বিপুল দেউৰীয়ে শুভ উন্মোচন

 কৰে৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগমীয়া সৃষ্টি “কাৰেঙৰ লিগিৰী নাটক ”খনক ৰত্না দত্তই “উপন্যাস হিচাপে”  ৰূপান্তৰ কৰি গদ্যৰূপ দিয়া “কাৰেঙৰ লিগিৰী”ক জগদীশ কাকতিয়ে ইংৰাজী ভাষালৈ কৰা অনুবাদ হিচাপে “দ্যা পেলেচ মেইড ”পাঠকলৈ আগবঢ়াই দিয়া হৈছে৷গ্ৰন্থখনত কাহিনীটোৰ  মূল ভাৱটোৰ কোনো হীন দেঢ়ি নোহোৱাকৈ জগদীশ কাকতিয়ে কৰা সহজ সৰল অনুবাদ সকলো ৰসগ্ৰাহী পাঠকৰে বিশেষকৈ নতুন প্ৰজন্মৰ বাবে যথেষ্ট আকৰ্ষণীয় হৈছে৷গ্ৰন্থখন উন্মোচন কৰি বিপুল দেউৰীয়ে অনুবাদক-লেখক জগদীশ কাকতিৰ অনুবাদকৰ্মৰ প্ৰশংসা কৰি লেখকৰ পৰা ভৱিষ্যতেও আৰু নতুন সৃষ্টি আশা কৰে বুলি মন্তব্য কৰে৷চেন্নাইস্থিত “নচ্যন  প্ৰেছে" প্ৰকাশ কৰা গ্ৰন্থখন বৰ্তমান অনলাইনযোগে এমাজন আৰু ফ্লিপকাৰ্টত উপলব্ধ হৈছে যদিও অতি শীঘ্ৰে উপন্যাস খন নিৰ্বাচিত কিছুমান বিপণীতো পোৱা যাব৷আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত ব্ৰিগেদিয়াৰ ৰঞ্জিত বৰঠাকুৰ,ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা বিশিষ্ট লেখক - ভাৰতীয় প্ৰশাসনিক সেৱাৰ(আই অ এছ) অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ হাজৰিকা, অসম অসামৰিক সেৱাৰ বিষয়া (এ চি এছ)তথা লেখিকা স্বপ্না দত্ত ডেকা ,মৰিগাঁৱৰ বিশিষ্ট  নাগৰিক,শিল্পী অশোক ডেকা প্ৰমুখ্যে  ভিন্নক্ষেত্ৰৰ আন বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷অনুবাদক জগদীশ কাকতিৰ এই মনোৰম উপন্যাসখন আৰম্ভ হৈছে সেইসময়ৰ আহোম ৰজাৰ ৰাজধানীত চকু চাট মাৰি ধৰা আচবাবৰে ভৰপূৰ ৰাজহাউলিৰ কাহিনীবৰ্ণনৰে  আৰু পৰিসমাপ্তি ঘটিছে নগা পাহাৰৰ সুুন্দৰ প্ৰাকৃতিক পৰিৱেশ তথা পাহাৰীয়া লোকসকলৰ নিভাঁজ জীৱনশৈলী, মৰম-চেনেহৰ কাহিনীৰ যোগেদি৷উপন্যাসখনত বৰ্ণিত হৈছে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলত আহোম ৰাজত্বৰ সময়ছোৱাত সংঘটিত বহু কাহিনী৷জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি কাৰেঙৰ লিগিৰীৰ কাহিনীটোক  ইংৰাজী উপন্যাসৰ জৰিয়তে এইদৰে  সমগ্ৰ বিশ্বৰ পাঠকসমাজৰ মাজত  পৰিচয় কৰি দিয়াৰ বাবে কৰ্ণেল জগদীশ কাকতিৰ প্ৰচেষ্টাক আজিৰ গ্ৰন্থউন্মোচনী অনুষ্ঠানটিত উপস্থিত থকা সকলোৱেই শলাগ লয়৷ দেলহী ৱায়াৰ নামৰ ডিজিটেল মিডিয়া চেনেলটোৱে এই গ্ৰন্থখনক ইতিমধ্যেই দহখন অৱশ্যপঠনীয় গ্ৰন্থৰ এখন হিচাপে স্বীকৃতি দিছে৷ভাৰতৰ ভিন্ন ৰাজ্যৰ বহুভাষী পাঠকৰ  লগতে বিদেশৰ পাঠককো অসমীয়া ধ্ৰুপদী সাহিত্যসম্ভাৰৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখিও গ্ৰন্থখন আজি এইদৰে পাঠকলৈ মুকলি কৰি দিয়া হয় বুলি অনুবাদক জগদীশ কাকতিয়ে মত প্ৰকাশ কৰে৷মৰিগাঁও জিলাত জন্ম গ্ৰহণ কৰা কাকতিয়ে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পাছত এন ডি এ  পুনে আৰু আই এম এ ডেৰাডুনত  সামৰিক প্ৰশিক্ষণ  লৈ ভাৰতীয় সেনা বাহিনীত যোগদান কৰি ২০১৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমানে বহুজাতিক কৰ পৰামৰ্শদাতা হিচাপেও সেৱা আগবঢ়াই আছে৷ছাৰ আৰ্থাৰ কনাল ডয়ালৰ বহুপঠিত ৰচনাৰো অসমীয়া অনুবাদৰে সাহিত্য চৰ্চা কৰা কৰ্ণেল জগদীশ কাকতিৰ  নতুন উপন্যাস “দ্য পেলেচ মেইড” ৰ জৰিয়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি অমৰ সৃষ্টিক জগতসভালৈ নিয়াৰ বাট মুকলি হ’ল ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here