গুৱাহাটী প্ৰেছ ক্লাৱত 'মানুহে মানুহৰ বাবে' শীৰ্ষক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 September 2021

গুৱাহাটী প্ৰেছ ক্লাৱত 'মানুহে মানুহৰ বাবে' শীৰ্ষক অনুষ্ঠান






W7s News ষ্টাফৰিপোৰ্টাৰ: ডেম'ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ উদ্যোগত ‍'মানুহে মানুহৰ বাবে' শীৰ্ষক এক অনুষ্ঠান দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়।

লেখক নাট্যকাৰ ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিগত সময়ছোৱাত মানুহক বিভিন্ন ধৰণে সহায় কৰি অহা ব্যক্তিক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

সাংবাদিক মৰম কুমাৰে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট চিকিৎসক সংগীত পৰিচালক,  ডা: হিতেশ বৰুৱা, জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া, শিশু সাহিত্যিক, গীতিকাৰ, পদ্মশ্ৰী এলি আহমেদ, ফাৰ্মাচী বিষয়া, সংগীতা দেৱী, ড° বুলজিত বুঢ়াগোহাঁই, জিএমচিএইচৰ হৃদয়ৱান কৰ্মচাৰী খগেন চহৰীয়া, সংগীত পৰিচালক জন্মি দাস, ডা: অম্লান দাস, প্ৰধান শিক্ষক ভূপেন্দ্ৰ কুমাৰ শৰ্মা, সমসজকৰ্মী হীৰেন চহৰীয়া, ক্ৰীড়াবিদ প্ৰসন্ন তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে আমেৰিকা নিবাসী ৰবাৰ্ট ইন্স, কল্যাণ কাকতি, সমাজকৰ্মী ৰঞ্জিত দাস, প্ৰদীপ ৰঞ্জন কৰকো বিগত ক'ভিডকালীন সময়ত ডেম'ক্ৰেচী লাইভ-মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিৰ মহানগৰীৰ অসহায় লোকক সহায়ৰ অভিযানত সহায় কৰি মানৱীয় গুণৰ পৰিচয় কৰি দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে নয়নিকা হাজৰিকা, অনু শৰ্মা, অন্তৰা দাস, ৰূপলেখা বৰদলৈ,ছেমিমা, ধৃতিশ্ৰী দেৱী আৰু বিউটি শৰ্মাই।

অনুষ্ঠানত বিশিষ্ট লোকসংগীত শিল্পী ড° ডালিমী কোঁৱৰ, লোকশিল্পী স্মৃতিৰেখা বৰা শইকীয়া, অভিযন্তা শংকৰ কৃষ্ণ দাসকে ধৰি ভালসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশ লয়। অনুষ্ঠানত ক'লকাতাত ভূপেন হাজৰিকাৰ গীতক ৰবীন্দ্ৰ সংগীত বুলি কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে এক সৰ্ব সন্মত প্ৰতিবাদ সাব্যস্ত কৰা হয়। জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াই বক্তব্য প্ৰদান কৰা ভূপেনদাৰ গীতক লৈ কৰা এনে কাম গৰিহণা দিয়ে। *ফাৰ্মাচী বিষয়া বিজয় চন্দ্ৰ কলিতা, নিউজ লাইভৰ ভিডিঅ' সাংবাদিক মানসপ্ৰতিম নাথ, প্ৰতিদিন কাকতৰ ফটো সাংবাদিক চিন্ময় ৰয় আৰু আমাৰ অসমৰ ফটো সাংবাদিক মহেশ চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অনুপস্থিতসকলক পৰৱৰ্তী সময়ত সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here