বেদখলমুক্ত অসমৰ সমৰ্থনত, অসমৰ বিভিন্ন জিলাত হিন্দু জাগৰণ মঞ্চৰ দ্বাৰা জন-জাগৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 September 2021

বেদখলমুক্ত অসমৰ সমৰ্থনত, অসমৰ বিভিন্ন জিলাত হিন্দু জাগৰণ মঞ্চৰ দ্বাৰা জন-জাগৰণ




 পি এফ আই আৰু  আমছুক শীঘ্ৰে অসমত নিষিদ্ধ ঘোষণা কৰক- হিন্দু জাগৰণ মঞ্চ, অসম





'

W7s News ষ্টাফৰিপোৰ্টাৰ: পি এফ আই আৰু  আমছুক শীঘ্ৰে অসমত নিষিদ্ধ ঘোষণা কৰাৰ দাবী জনাইছে হিন্দু জাগৰণ মঞ্চ, অসমে। দেওবাৰে মঞ্চৰ উদ্যোগত

বেদখলমুক্ত অসমৰ সমৰ্থনত, অসমৰ বিভিন্ন জিলাত হিন্দু জাগৰণ মঞ্চৰ দ্বাৰা জন-জাগৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ স্বৰূপে হিন্দু জাগৰণ মঞ্চ, গুৱাহাটী মহানগৰীৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত জন জাগৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত পি এফ আই আৰু  আমছুক শীঘ্ৰে অসমত নিষিদ্ধ ঘোষণা কৰাৰ দাবী কৰি হিন্দু জাগৰণ মঞ্চ, অসমৰ সভাপতি মৃণাল কুমাৰ লস্কৰে কয় '

২৩ ছেপ্টেম্বৰত মঙ্গলদৈ ৰ গৰুখুটি অঞ্চলত অবৈধ দখলকাৰীৰ দ্বাৰা আৰক্ষী বাহিনীৰ ওপৰত হোৱা পৰিকল্পিত আক্ৰমণক আমি কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অবৈধ দখলকাৰিৰ পক্ষত থিয় দিয়া কংগ্ৰেছ, বাওঁপন্থী , পি এফ আই, আমছু আদি সকলোকে অসম তথা অসমীয়াৰ হকৰ  বিৰুদ্ধে কাম নকৰিবলৈ সকীয়াই দিছোঁ। ইয়াৰ প্ৰতিবাদত আমি গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন জিলাত আৰক্ষী তথা প্ৰশাসনৰ অবৈধ দখলকাৰীক উচ্ছেদৰ সমৰ্থনত তথা আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এক জন-জাগৰণ কাৰ্য্যক্ৰম অনুষ্ঠিত কৰোঁ। অসমত থকা সকলো অবৈধ বেদখল উচ্ছেদ হ'ব লাগে আৰু অসমৰ সকলো মঠ, মন্দিৰ, সত্ৰৰ লগতে অসমৰ জলাশয়, গো-চৰণীয়া পথাৰ, অৰণ্যভূমি, চৰকাৰী ভূমি তথা শৰণাৰ্থীৰ বাবে আবন্তিত ভূমিৰ বেদখল উচ্ছেদ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ।' এই কাৰ্যসূচীৰ জৰিয়তে হিন্দু জাগৰণ মঞ্চ,

সাধাৰণ সম্পাদক কমল পৰাশৰে কয় 'খিলঞ্জীয়াৰ ভূমি শীঘ্ৰে খিলঞ্জীয়াক এৰি দিবলৈ অনুৰোধ জনালোঁ। লগতে চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে  কোৱা কংগ্ৰেছ, বামপন্থী সকলক আমি মোমাই আখ্যা দিছোঁ। মহাবীৰ লাচিত বৰফুকনে যেনেকৈ মোমায়েকক শিৰচ্ছছদ কৰি মোগলক খেদি পঠিয়াইছিল তেনেকৈ চৰকাৰৰ এই আদৰণীয় পদক্ষেপক বিৰোধীতা কৰা সকলক আমি মোমাই আখ্যা দিছোঁ। তাত ভূমি দখল কৰি থকা বাংলাদেশী মূলৰ লোক সকলক আমি গৃহমুখী হ'বলৈ দাবী জনালোঁ। তেওঁলোকৰ অসমত স্থান নাই। হিন্দু জাগাৰ পুৰ্বে তেওঁলোকে ভূমি এৰি দিয়ক। লগতে পি এফ আই আৰু আমছুৱে 


অসমক প্ৰতি মুহূৰ্তত হেয় প্ৰতিপন্ন কৰিবলৈ প্রয়াস অব্যাহত ৰাখিছে। গতিকে 

 পি এফ আই আৰু আমছুৰ দৰে পাবত গজা সংগঠনক অসমত শীঘ্ৰে নিষিদ্ধ কৰিবলৈ আমি দাবী জনালোঁ।' এই কাৰ্যসূচীৰ মঞ্চৰ অন্যান্য সদস্য সকল উপস্থিত থাকি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here