W7s News ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত সমগ্ৰ দেশজুৰি ২০ দিনীয়াকৈ আয়োজন হৈ থকা 'সেৱা আৰু সমৰ্পণ' অভিযানৰ লগত সংগতি ৰাখি দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত 'নৱ ভাৰত মেলা' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই। অনুষ্ঠানত বিজেপিৰ সাধাৰণ সম্পাদক দ্বিপ্লুৰঞ্জন শৰ্মা, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মন্ত্ৰী অশোক সিংঘাল, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা আদি উপস্থিত থাকে। এই মেলা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ কৃতি, বিভিন্ন সফল আঁচনিৰ লগতে তেওঁৰ জীৱন সম্পৰ্কীয় প্রদর্শনীৰ লগতে হস্ততাঁত, থলুৱা খাদ্য সম্ভাৰ ইত্যাদি প্ৰদৰ্শন কৰা হৈছে।
No comments:
Post a Comment