জিলাভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 September 2021

জিলাভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ সামৰণি

 





W7s News ষ্টাফৰিপোৰ্টাৰ: দৰং জিলাৰ অন্যতম সামাজিক সংগঠন চিআৰ এছ ডি টিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা জিলাভিত্তিক দুৰ্গেশ্বৰ কলিতা সোঁৱৰনী তৰ্ক প্ৰতিযোগিতাৰ সফলতাৰে সামৰণি পৰে। দিপীলাৰ  জ্ঞানদ্বীপ একাডেমীত দেওবাৰে দিনৰ ১০ বজাত অনু্ূষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে স্থানীয় চিত্ৰশিল্পী তথা অৱসৰী শিক্ষক ললিত চন্দ্ৰ শইকীয়াই। তৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে নতুন প্ৰজন্মৰ প্ৰতিভাক উলিয়াই অনাৰ বাবে তেওঁ আয়োজকসকলৰ শলাগ লয়। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা সাহিত্যসেৱী শিশিৰ কুমাৰ শৰ্মা অধ্যক্ষ হিচাপে থকা তৰ্ক প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে গৌতম শৰ্মা, ধ্ৰুৱজ্যোতি  মহন্ত, সত্যেন্দ্ৰ কলিতাই। দৰং জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম তিনিটা স্থান লাভ কৰে পুৰস্কাৰ লাভ কৰে ছিপাঝাৰ মহাবিদ্যালয় শ্বৱনম চুলতানা, মঙলদৈ মহাবিদ্যালয়ৰ দীপাংকৰ ওজা আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ মৃগেন কলিতাই। আনহাতে বিচাৰকৰ বিশেষ বটাঁ লাভ কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ জিতুমণি কলিতাই। প্ৰয়াত দুৰ্গেশ্বৰ কলিতাৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত জ্ঞানদ্বীপ একাডেমীৰ তৰফৰ পৰাও বিশেষভাৱে সহযোগিতা আগবঢ়োৱা হয়। অনুষ্ঠানত যোগবিদ ৰংমন ৰংদৈ, ৰাজ্যিক পুৰস্কাৰ লাভ কৰা শিক্ষক এম হাফিজ আলি, দুৰ্গেশ্বৰ কলিতাৰ পত্নী দেৱযানী কলিতাকে ধৰি বহুকেঈজন ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটি আয়োজন কৰাত দুই উদ্যমী যুৱক ভাৰ্গৱ কলিতা আৰু অমৰজ্যোতি ডেকাৰ শলাগ লয় লেখক তথা সাংবাদিক অনুভৱ পৰাশৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here