৭১ বছৰত উলুবাৰী বক্সিঙ ক্লাব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 September 2021

৭১ বছৰত উলুবাৰী বক্সিঙ ক্লাব

 




W7s News ষ্টাফৰিপোৰ্টাৰ : অসমৰ বক্সিঙ ক্রীড়াত উল্লেখনীয় অৱদান আগবঢ়োৱা ১৯৫০ চনত স্থাপন হোৱা উলুবাৰী বক্সিঙ ক্লাবে ২২ ছেপ্টেম্বৰত ৭১ বছৰত ভৰি দিব। এই উপলক্ষে  ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ক্লাব প্ৰাংগণত উদযাপন কৰা হ'ব।  কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চিত্রাংঙ্কন প্ৰতিযোগিতা , খেল ধেমালি প্ৰতিযোগিতা আৰু বিয়লি ৪ বজাত প্ৰতিষ্ঠাপক প্ৰশিক্ষক বীৰেণ বড়োৰ সোঁৱৰণত নাগাৰা নাম আৰু সন্ধিয়া বস্তি প্ৰজ্জলন কৰা হ'ব। মঙলবাৰে অন্যান্য অনুষ্ঠানৰ লগতে বিয়লি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে বুধবাৰে

সন্ধিয়া মুকলি সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। লগতে ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাজানো মন্ত্ৰী,বিধায়ক উপস্থিত থাকিব। এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে উলুবাৰী বক্সিঙ ক্লাৱৰ মুখ্য উপদেষ্টা অৰূপজ্যোতি চৌধুৰী, সভাপতি মণিকা বড়ো আৰু সাধাৰণ সম্পাদক ৰাজীৱ বড়োৱে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here