ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে সু-খবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 September 2021

ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে সু-খবৰ

 




W7s News: নিউজ ডেস্ক:ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে পুনৰ এটা সুখবৰ আহিছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰ সঞ্জয় বড়োক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে যমুনা বড়োৱে এ আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ, ২০১৯ত ব্ৰঞ্জৰ পদক আৰু সঞ্জয় বড়োৱে আৰ্চাৰী বিশ্বকাপ, ২০১৪ত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী প্ৰতিভাৱান ক্ৰীড়াবিদলৈ অসম চৰকাৰৰ সংহত ক্ৰীড়া নীতি (২০১৭-১৮, সংশোধিত)ৰ অধীনত কৃতজ্ঞতাৰ চিনস্বৰূপে এই নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here