ডিম্পল কুমাৱতৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী-সদৌ অসম আইন ছাত্ৰ সংগঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 September 2021

ডিম্পল কুমাৱতৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী-সদৌ অসম আইন ছাত্ৰ সংগঠন

 





W7s News ষ্টাফৰিপোৰ্টাৰ : সদৌ অসম আইন ছাত্ৰ সংগঠন (আলছা) ৰ এটা সজাতি দলে পহিলা ছেপ্টেম্বৰত গুৱাহাটী চহৰৰ মাজমজিয়াৰ উজানবজাৰত সংঘটিত হোৱা ডিম্পল কুমাৱতৰ হত্যা কাণ্ডৰ বিষয়টোক লৈ শুকুৰবাৰে লতাশিল থানাত উপস্থিত হয়।সংগঠনৰ সদস্যাসকলে  এই বিষয়টোক লৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আলোচনাত মিলিত হয় অাৰু লগতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এখন স্মাৰক পত্ৰও  প্ৰেৰণ কৰে। স্মাৰক পত্ৰত  উল্লেখ কৰে যে অভিযুক্ত আৰু অভিযুক্তৰ লগত জড়িত কোনো ব্যক্তিয়ে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ উপযুক্ত তদন্ত হব লাগে। সংগঠনৰ উপদেষ্টা কিশোৰ কলিতাই কয় ' ডিম্পল কুমাৱত কিশোৰী গৰাকীক যিদৰে নৃশংহভাৱে হত্যা কৰা হল সেয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয়। এই বিষয়েটোক ফাস্ট ট্রেক কোর্টৰ মজিয়ালৈ নি দোষীক কম দিনৰ ভিতৰতে আইন অনুসৰি শাস্তি প্ৰদান কৰি এই কণমাণি কিশোৰী গৰাকীক  ন্যায় প্ৰদান কৰিব লাগে।এই কাৰ্য্যসূচীত উপস্থিত থাকে আলছাৰ উপদেষ্টা কিশোৰ কলিতা, ভাৰপ্ৰাপ্ত উপ-সভাপতি অৰবিন্দ বাঢ়ৈ, আলছা কামৰূপ মহানগৰ সমিতিৰ উপদেষ্টা অধিবক্তা নজৰুল খান আৰু আলছা কামৰূপ মহানগৰ সমিতিৰ সভাপতি হিৰাস্মিতা দাস, মানষী দাস আৰু ছেলিমুল ইছলাম ৰ লগতে অন্যান্য সদস্য-সদস্যাসকল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here