আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ মীন বিষয়ক কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 September 2021

আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ মীন বিষয়ক কৰ্মশালা

 


W7s News ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ মীন খণ্ডৰ বিকাশ আৰু উন্নয়নৰ উদ্দেশ্যক সৰোগত কৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰুৰ সন্মিলনী কক্ষত আন্তঃৰাষ্ট্ৰীয় মীন পৰামৰ্শদাতা সংস্থা ৱৰ্ল্ডফিছৰ উদ্যোগত মঙলবাৰে মীন বিভাগ, অসম গ্ৰাম্য আন্ত:গাথঁনি আৰু কৃষি সেৱা সমিতি, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু ফিছফেডৰ সহযোগত মৎস মান শৃঙ্খল বিশ্লেষণ আৰু গুণগত মানৰ মীন পোনাৰ উপলভ্যতা নিশ্চিতকৰণ সম্পৰ্কে এজ মনোজ্ঞ কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমোলা, বিষয়া, বিজ্ঞানী, গৱেষক, বেংক বিষয়া, উদ্যোগীক সামৰি অনুষ্ঠিত এই কৰ্মশালাখন অনুষ্ঠানিকভাবে উদ্বোধন কৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়াই। বিশ্ববেংক আঁচনিৰ মীন বিভাগৰ নডেল বিষয়া তথা ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠানত উপমীন সঞ্চালক জয়প্ৰকাশ মেধিয়ে আদৰণি ভাষণ দিয়ে। ৱৰ্ল্ডফিছৰ আৱাসিক পৰামৰ্শ দাতা ড০ সুৰেশে কৰ্মশালাৰ উদ্দেশ্য বিতং ব্যাখ্যা কৰে। অনুষ্ঠানত মীন মহাবিদ্যালয়, ৰহাৰ বিজ্ঞানগুৰু ড০ বিনোদ কলিতা, কেন্দ্ৰীয় অন্তদেশীয় মীন ক্ষেত্ৰ


গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূব শাখাৰ মুৰব্বী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ অতুল বৰগোহাঞি আদিয়ে বিভিন্ন কাৰিকৰী দিশ আলোচনা কৰি অনাগত দিনত বিবেচনাৰ বাবে উত্থাপন কৰে।কৰ্মশালাখনে ৰাজ্যৰ মীন খণ্ডলৈ এক ইতিবাচক বার্তা বহন কৰিবলৈ সক্ষম হ'ব বুলি অংশগ্ৰহণকাৰী সকলে আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here