কৃষিজাত সামগ্ৰীৰ বজাৰ মূল্যৰ দাবীত ৯ ছেপ্টেম্বৰত কিষাণ সংঘৰ ৰাজ্যজুৰি প্ৰতিবাদ
W7s News ষ্টাফৰিপোৰ্টাৰ : 'কৃষিজাত সামগ্ৰীৰ বজাৰ মূল্যৰ দাবীত ৯ ছেপ্টেম্বৰত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব ভাৰতীয় কিষাণ সংঘ, অসমে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰাই। তেওঁ লগতে কয় ' সম্প্ৰতি চৰকাৰে কৃষকৰ ফচলৰ লাভজনক বজাৰ মূল্য সুৰক্ষা দিয়াতো দুৰৰে কথা নূন্যতম সমৰ্থন মূল্য (এম এছ পি) কি ফচল ক্ৰয়ৰ বাবে ধাৰ্য কৰিছে, অধিক সংখ্যক কৃষক বঞ্চিত হোৱা দেখা গৈছে। তাৰোপৰি ব্যৱস্থাটোৰ আসোঁৱাহ সৰ্বজনবিদিত। আমি নূন্যতম সমৰ্থন মূল্যৰ পৰিবৰ্তে উচিত লাভজনক বজাৰ মূল্য দিবলৈ চলিত বছৰৰ ১১ আগষ্টত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ
এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিন্তু আজিলৈ সেই পত্ৰৰ কোনো উত্তৰ নিদিলে। সেয়েহে ৮ ছেপ্টেম্বৰত কিষাণ সংঘই সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব। আনহাতে অসমত আমি ৯ ছেপ্টেম্বৰত ব্যৱস্থিত সু শৃংখলিত আদৰ্শ বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰাৰ দাবীত অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। কেন্দ্ৰ চৰকাৰে সাপ্তাহিক আদর্শ বজাৰ ব্যৱস্থাৰ উন্নীতকৰণৰ দাবীত ২০১৯-২০ বৰ্ষত ২০০০ কৌটি টকা ধার্য কৰিছিল। আমি ৰাজ্য চৰকাৰক এই পুঁজিৰ জৰিয়তে অসমৰ সাপ্তাহিক বজাৰৰ স্থানীয় কৃষকৰ বাবে উপযোগী হোৱাকৈ উন্নীত কৰিবলৈ অনুৰোধ জনালোঁ। তদুপৰি ইউৰিয়া সাৰৰ ক্ষেত্ৰত হোৱা ভয়াৱহ ছিণ্ডিকেট-দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে শেহতীয়াকৈ যি সময়যোগী পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয়। আমি কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ। সাৰৰ ছিণ্ডিকেট চলি আছে বাবে সাৰৰ নাটনি হৈছে। ৰেহাই মূল্যত সাৰৰ যোগান ধৰাৰ বাবে আমি দাবী জনালোঁ।' সংবাদমেলত সংঘৰ ৰাজ্যিক সম্পাদক কুমুদ চহৰীয়াই কয় ' কৃষক ৰাইজে খেতিৰ সময়তে সুলভ মূল্যত বা ৰাজসাহাৰ্যত কোনো অসুবিধা নোহোৱাকৈ সাৰ পাব পাৰে তাৰবাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। সাৰৰ ৰাজসহাৰ্যৰ লগতে ব্যবসায় আদিৰ ক্ষেত্ৰত স্থানীয় কৃষক তথা সামাজিক দায়বদ্ধ যোগ্য ব্যক্তিক স্ব-নিয়োজনৰ পথ মুকলি কৰিব পাৰে তাৰ বাবেও চৰকাৰে পদক্ষেপ লোৱা কৰিব লাগে। অন্যথা অনাগত দিনত আমি প্ৰতিবাদী কাৰ্যসূচী তীব্রতৰ কৰি ল'বলৈ বাধ্য হ'ম। ' সংবাদমেলত সংঘৰ অন্যান্য সদস্য সকল উপস্থিত থাকে।
No comments:
Post a Comment