অসমীয়া চিন্তা-চেতনাৰে আগবাঢ়িছে 'অসমীয়া পাকঘৰ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 September 2021

অসমীয়া চিন্তা-চেতনাৰে আগবাঢ়িছে 'অসমীয়া পাকঘৰ'

 






W7s News  নিউজ ডেস্ক: চৰাইদেউত এদল অসমীয়া শিক্ষিত যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে কৰ্মমুখী আন্দোল।চৰাইদেউ জিলাত কেইজনমান অসমীয়াৰ পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰখাৰ প্ৰচেষ্টা।অসমীয়া চিন্তা চেতনাৰে আগবাঢ়িছে 'অসমীয়া 'পাকঘৰ' নামৰ এটি অনুষ্ঠান। চৰাইদেউ জিলাত এদল অসমীয়া শিক্ষিত যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে কৰ্মমুখী আন্দোলন৷ বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ নিজৰ লগতে আন বহু যুৱক-যুৱতীৰ জীৱিকা নিৰ্বাহৰ পথ প্ৰশস্ত কৰিছে চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে৷ যুৱকজনৰ এই কৰ্মত সহযোগ কৰিছে জিলাখনৰ কেইবাগৰাকীও শিক্ষিত যুৱক-যুৱতীয়ে৷ এই অসমীয়া পাকঘৰৰ জৰিয়তে বিভিন্ন সামাজিক অনুষ্ঠান,বিবাহ অনুষ্ঠান,ঘৰুৱা অনুষ্ঠান,উৎসৱ পাৰ্বন আদিত সম্পূৰ্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য পৰিবেশন কৰি আহিছে৷ জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য যেনে টোপোলা ভাত, মুগা-লেটা, পাতত দিয়া মাছ, ভাপত দিয়া মাছ, খৰিকাত দিয়া মাংস, বাঁহৰ চুঙাত দিয়া মাংস আদি অসমীয়া পাকঘৰে পৰিবেশন কৰে৷এই অসমীয়া পাকঘৰ বৰ্তমান জনপ্ৰিয় হৈ পৰাৰ লগতে প্ৰায় ১০০/ ১৫০ গৰাকী যুৱক-যুৱতীয়ে অসমীয়া পাকঘৰত কাম কৰি উপাৰ্জনক্ষম হৈ উঠিছে৷ ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে স্ব-নিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here