W7s News ষ্টাফৰিপোৰ্টাৰ: অসমত পৰিবেশ সংৰক্ষণ কৰাৰ লক্ষ্যৰে ইউ টিউবাৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ বিনীত কলিতাৰ নেতৃত্বত ৰাজ্যজুৰি চাইকেল যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ পহিলা অক্টোবৰত ফ্লেগ অৱ কৰা হ'ব। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ইউ টিউবাৰ, নৱম শ্ৰেণীৰ ছাত্ৰ তথা এই কাৰ্যসূচীৰ টিম লিডাৰ বিনীত কলিতাই। তেওঁ লগতে কয় ' মূলত ৰাজ্যৰ জনগণৰ মাজত পৰিবেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ বাবে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীত আমাক উত্তৰ অসমৰ ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ মূল বার্তা হ'ল গছ পানী থাকিলেহে মানৱ জীয়াই থাকিব। আমাৰ লক্ষ্য ইউ টিউবৰ ভি ডি অ' ৰ জৰিয়তে সমগ্ৰ অসম আৰু ভাৰতৰ পৰিবেশ সংৰক্ষণৰ সজাগতা কৰা।'
No comments:
Post a Comment