ৰাষ্ট্ৰীয় টাইকোৱানডোত মুগ্ধা দাসৰ স্বৰ্ণ জয় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 September 2021

ৰাষ্ট্ৰীয় টাইকোৱানডোত মুগ্ধা দাসৰ স্বৰ্ণ জয়

 


 টাইকোৱানডোত অসম দল শ্ৰেষ্ঠ




W7s News ষ্টাফৰিপোৰ্টাৰ : টেলেণ্ট চাৰ্চ এছ'চিয়েচন, দিল্লী দ্বাৰা আয়োজিত সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াৰ টাইকোৱানডো প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুগ্ধা দাসে স্বৰ্ণ প্ৰদক লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৮ ছেপ্টেম্বৰৰ পৰা  নতুন দিল্লীৰ পিতামপুৰাত  অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ ২৮ কেজি অনুৰ্ধৰ ছাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰে মুগ্ধা দাসে ।  ইপিনে অসম দলটো টাইকোৱানডো শাখাত শ্ৰেষ্ঠ দলৰ সন্মান ৰূপে ট্ৰফী লাভ কৰে। নুনমাটি টাইকোৱাডো'   এছছিয়েছনৰ মুখ্য প্ৰশিক্ষক হৰগোবিন্দ কলিতা, সহ প্ৰশিক্ষক সীমান্ত বড়ো তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মুগ্ধা দাসে। গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মুগ্ধা দাস গুৱাহাটীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ নিবাসী  সাংবাদিক জয়ন্ত দাস আৰু জিলি দাসৰ জ্যেষ্ঠ কন্যা । উল্লেখ্য, মুগ্ধা দাসৰ এই সফলতাৰ বাবেই শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলক আনন্দিত কৰি তুলিছে তথা এই সফলতাৰ বাবে বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here