W7s news ষ্টাফ ৰিপৰ্টাৰ,
বহু প্ৰতিক্ষীত এপ'লৰ পৰৱৰ্তী প্ৰজন্মৰ ফ্লেগশ্বীপ স্মাৰ্টফোন ১৩ মুকলি কৰা হৈছে। মঙলবাৰে নিশা কেলিফৰ্ণিয়াত বিশেষ অনুষ্ঠানত এপ'লৰ নতুন আইফোন ১৩ মুকলি কৰাৰ পিছত অতি সোনকালে ই ভাৰতৰ লগতে গুৱাহাটীত উপলব্ধ হ'ব। এই প্ৰিমিয়াম স্মাৰ্টফোনৰ প্রি বুকিংৰ বাবে কেৱক উলুবাৰী আৰু পল্টনবজাৰত থকা ইন টাছ আউট লেটত বিশেষ ব্যৱস্থা কৰা হৈছে। আইফোন ১৩ ইন টাছৰ প্রি বুকিং কৰা গ্ৰাহকে নিশ্চিত ৰোমাঞ্চকৰ উপহাৰ লাভ কৰিব। এই সন্দৰ্ভত শ্ব'ৰূমটোৰ স্বত্বাধিকাৰী পংকজ সুৰানাই কয়"-আইফোন ১৩ ৰ যিকোনো মডেল প্রি বুকিং কৰা গ্রাহকে ৩,৫৫৯ টকাৰ উপহাৰ পাব। গতিকে এই সুযোগটো লওক আৰু আজি আপোনাৰ নতুন আইফোন ১৩ বুকিং কৰক আৰু কেৱক ইন টাছৰ পৰা উপহাৰ গ্ৰহণ কৰক। নতুনকৈ মুকলি কৰা নতুনকৈ মুকলি কৰা আইফোন বিভিন্ন মডেলটো হৈছে আইফোন ১৩,আইফোন ১৩ মিনি, আইফোন ১৩-প্র', আইফোন ১৩-প্র- মেক্স। আইফোন -১৩ আৰু আইফোন-মিনি ভাৰতত ৬৯,০০০ টকাৰ পৰা আৰম্ভণি হৈছে। ১৩৮ জিবি,২৫৬ জিবি,আৰু ৫১২ জিবি ভেৰিয়েন্টত উপলব্ধ হ'ব এই আইফোন। আইফোন ১৩- আৰু আইফোন ১৩- প্ৰ'মেক্স ১২৮ জিবি,১৫৬ জিবি, আৰু ৫১২ জিবি আৰু ১ টিবি ভেৰিয়েণ্টত ১,১৯,৯০০ টকাৰ আৰম্ভণি এমআৰপিত উপলব্ধ হ'ব। এই সকলোবোৰ মডেল বিভিন্ন ৰং যেনে-গোলাপী, নীলা, মিডনাইট আৰু ৰঙা ৰঙত উপলব্ধ হ'ব। নতুন আইফোন ১৩ লাইনআপ ভাৰতত আৰু লগতে ২৪ ছেপ্টেম্বৰৰ পৰা মহানগৰীৰ ইন টাছত উপলব্ধ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ টাইমছ গ্রুপৰ দ্বাৰা ইন টাছক লিভিং মোবাইল ষ্টোৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
No comments:
Post a Comment