বিৰ্তক কলাৰ জগত খনেই মোৰ জীৱনৰ ভিত্তি -দিগন্ত বিশ্ব শৰ্মা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 23 September 2021

demo-image

বিৰ্তক কলাৰ জগত খনেই মোৰ জীৱনৰ ভিত্তি -দিগন্ত বিশ্ব শৰ্মা

Responsive Ads Here

 





W7s News. ষ্টাফৰিপোৰ্টাৰ  :'বিৰ্তক কলাৰ জগত খনেই মোৰ জীৱনৰ ভিত্তি। মই দৰিদ্ৰতাকো ভয় নকৰো বিলাসিকতাকো ভয় নকৰোঁ। এইদৰে কয় ' সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী, বিশিষ্ট তাৰ্কিক দিগন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত নৰ্থ ইষ্ট ডিবেটাৰ্ছ এছ'চিয়েচনৰ উদ্যোগত সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী, বিশিষ্ট তাৰ্কিক দিগন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা আৰু মত-বিনিময় অনুষ্ঠানত এই দৰে নিজৰ মত ব্যক্ত কৰে বিশিষ্ট তাৰ্কিক জনে। তেওঁ লগতে কয় ' মই পঞ্চম শ্ৰেণীৰ পৰা বিতৰ্কৰ জগত খনৰ সৈতে জড়িত হৈ আছোঁ। চাৰি দশকৰ অধিক কাল বিৰ্তকৰ জগতৰ সৈতে জড়িত আছোঁ। মই অধ্যয়ণতে সংপৃক্ত থাকিম। অনুবাদৰ কাম মৃত্যুৰ আগ মুহূৰ্তলৈ কৰি যাম। প্ৰত্যেক মানুহৰ জীৱনৰ ব্ৰত থাকে। নিজৰ ওপৰত বিশ্বাস থাকিলে পৰিবেশ ৰচনা কৰিব পাৰি। এই জগতত আমাৰ প্ৰত্যেকৰে ভূমিকা থকা বাবে জন্মগ্ৰহণ কৰিছোঁ। অসম বিশ্ববিদ্যালয়ৰ ১৫০ ঘন্টীয়া বছৰজোৰা বক্তৃতা মালাৰ কামত সম্প্ৰতি ব্যস্ত আছোঁ। আগন্তক বৰ্ষত অসম বিশ্ববিদ্যালয়ৰ ২৫০ ঘন্টীয়া বক্তৃতাৰ কামত ব্যস্ত থাকিম। এইবাৰৰ মোৰ বিষয় হ'ব 'শ্রীমদ্ভাগীতা'। সাধক হিচাপে লিখি গৈ আছে। ভাৰতীয় সংস্কৃতিক যুৱ প্ৰজন্মৰ মাজত গ্ৰহণযোগ্য যাতে হয় । অনাগত দিনতো তেওঁৰ সাধনা অব্যাহত থাকক।' 'অনুষ্ঠানটোত উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পণা দেৱী , গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা বিদুলা শৰ্মাৰ লগতে বিতৰ্ক কলা সৈতে জড়িত বহু ব্যক্তি তথা ছাত্ৰ ছাত্ৰী। আৰম্ভণি বক্তব্য আগ বঢ়াই অধিবক্তা তথা এছ'চিয়েচনৰ সভাপতি দীপক শৰ্মাই দিগন্ত বিশ্ব শৰ্মাৰ তৰ্ক জগতৰ প্ৰতি থকা অৱদানৰ বিষয়ে আলোকপাত কৰে ।অনুষ্ঠানটো আঁত ধৰে এছ চিয়েচনৰ সম্পাদক প্ৰাণজিত দাসে। সামৰণি ভাষণ প্ৰদান কৰে বিশালদ্বীপ কাকতীয়ে। অনুষ্ঠানটোত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি দিগন্ত বিশ্ব শৰ্মাই অনুবাদ সাহিত্য সৈতে কিদৰে জড়িত হ'ল তথা জীৱনত সফলতা পাবলৈ অকৃত্রিমতা, সৰলতাই  যে মূলমন্ত্ৰ বুলি মতপোষণ কৰে। লগতে দিগন্ত বিশ্ব শৰ্মাই মত পোষণ কৰে যে তেওঁ মাথো ঋষি অৰবিন্দৰ বাৰ্তাবাহক হে । ভৱিষ্যতেও অনুবাদৰ ওপৰত কাম কৰি যাব বুলি তেওঁ দোহাৰে ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *