জনমানসত সজাগতা সৃষ্টিৰ প্ৰয়াস-কাৰ্ডিঅলজিকেল চছাইটি অৱ ইণ্ডিয়া, উত্তৰ পূৱ শাখা।
W7s News ষ্টাফৰিপোৰ্টাৰ : 'সাম্প্ৰতিৰ সময়ত হৃদৰোগৰ প্ৰকোপ বৃদ্ধি পাব ধৰিছে। এই ক্ষেত্ৰত মানুহৰ জীৱন শৈলী পৰিৱৰ্তন কৰা অত্যন্ত প্ৰয়োজন হৈ পৰিছে। লগতে জনমানসত সজাগতাৰ সৃষ্টি কৰা অত্যন্ত প্ৰয়োজন হৈ পৰিছে -এইদৰে কয়
কাৰ্ডিঅলজিকেল চছাইটি অৱ ইণ্ডিয়া, উত্তৰ পূৱ শাখাৰ সভাপতি ডাঃ অমিয় কুমাৰ শৰ্মাই। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কাৰ্ডিঅলজিকেল চছাইটি অৱ ইণ্ডিয়া, উত্তৰ পূৱ শাখাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় 'মানুহৰ দৈনন্দিন প্ৰয়োজনীয় তালিকাৰ ভিতৰত সুস্বাস্থ্যৰ বাবে সন্তুলিত খাদ্যাভ্যাস, অত্যধিক মদ্যপান আৰু ধুমপান পৰিহাৰ কৰাৰ লগতে মেদবহুলতা, উচ্চ ৰক্তচাপ, অত্যধিক কলেষ্টাৰলৰ লগতে মধুমেহ ৰোগ আদি নিয়ন্ত্ৰণ কৰা প্ৰধান কৰ্তব্য। ইয়াৰ ওপৰিও মানসিক উদ্বিগ্নতা বা হতাশা হ্ৰাস কৰাৰ বাবে নিয়মিত যোগাভ্যাস আৰু শাৰীৰিক ব্যায়াম আদি সমানেই আৱশ্যকীয়।এনেবোৰ উদ্দেশ্য আগত ৰাখি এইবাৰ “বিশ্ব হৃদদিবসৰ শ্লোগান নিৰ্ধাৰণ কৰিছে অৰ্থাৎ, “হৃদয়ৰ বান্ধোন দৃঢ় কৰা” (“Connect Heart to Heart”)।' সংবাদ মেলত হৃদৰোগ বিশেষজ্ঞ ডাঃ ডি জে দত্তই ' জনগণক জীৱন শৈলী পৰিবৰ্তন কৰিবলৈ আৰু চাপ মুক্ত জীৱন যাপন কৰিবলৈ আহ্বান জনায়।' আন এজন হৃদৰোগ বিশেষজ্ঞ ঋতুপৰ্ণ বৰুৱাই নিয়মিত সুষম আহাৰ খাবলৈ, ব্যায়াম, যোগাভ্যাস কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
No comments:
Post a Comment