প্রাক্তন কটনিয়ানৰ তিনিখন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 September 2021

প্রাক্তন কটনিয়ানৰ তিনিখন গ্ৰন্থ উন্মোচন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : প্রাক্তন কটনিয়ানৰ ১৯৭৫-৭৭ শিক্ষাবৰ্ষৰ প্ৰাক্ বিশ্ববিদ্যালয় শ্রেণীৰ শিক্ষাৰ্থীৰ উদ্যোগত দেওবাৰে কটন এলামনাই ভৱনত অনুষ্ঠিত হয়। কৃষ্ণা বৰকাকতীয়ে আঁতধৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞাই শৰৎ বৰকাকতিৰ 'চিনাকি চিনাকি মুখ অচিনাকি মন' গীতৰ সংকলনখন উন্মোচন কৰে।আনহাতে মদন চন্দ্ৰ ডেকাৰ 'ঐহিক' গল্প সংকলন উন্মোচন কৰে বিশিষ্ট লেখক, লোক সংস্কৃতিৰ গৱেষক লীলাধৰ হাজৰিকাই। আনহাতে জোনা মহন্তৰ কাব্যগ্ৰন্থ 'জোনাক জোনালী অনুভৱ' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড০ আল্পনা সৰকাৰ ডেকাই। সভাত বিশিষ্ট অতিথি হিচাপে সংগীত শিল্পী অনিন্দিতা পাল উপস্থিত থাকে। এই অনুষ্ঠানত চিত্ৰশিল্পী তৃণাভ বৰকাকতি, দেবৰ্ষি তালুকদাৰ আৰু আকাশদ্বীপ ডেকাক সম্বৰ্ধনা জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here