বিশ্ব হৃদ দিৱস উপলক্ষে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 September 2021

বিশ্ব হৃদ দিৱস উপলক্ষে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ কাৰ্যসূচী

 


হৃদ ৰোগ সমাজ-জীৱনৰ এক গুৰুতৰ সমস্যাঃ ডাঃ চন্দন মোদক


W7s News ষ্টাফৰিপোৰ্টাৰঃ "সাম্প্ৰতিক সমাজ-জীৱনৰ বাবে হৃদ ৰোগ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ চাপযুক্ত জীৱন পৰিক্ৰমা ইয়াৰ অন্যতম শীৰ্ষ কাৰণ ৷”---- এই মন্তব্য বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা “ দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকৰ ৷ কাইলৈ দেশে-দেশে উদ্‌যাপিত হ’ব “বিশ্ব হৃদ দিৱস” ৷ তদুপলক্ষে মঙলবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত ডাঃ মোদকে কয়  'জন্মৰে পৰা মৃত্যু পৰ্যন্ত মানুহৰ যিবোৰ অংগই অবিৰাম কাম কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ ৷ গতিকে ইয়াক ৰোগমুক্ত কৰি ৰখাটো সকলো মানুহৰে দায়িত্ব ৷ কিন্তু আজিকালি মানুহে বিভিন্ন চাপৰ বোজা লৈ জীৱন যাপন কৰিবলগীয়া হয় ৷ কৰ্মক্ষেত্ৰৰ চাপ , প্ৰতিযোগিতামূলক জীৱন শৈলী , স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যাভাস , ধপাত তথা অন্যান্য মাদক দ্ৰৱ্যৰ আসক্তি আদিয়ে মানুহৰ হৃদযন্ত্ৰক দুৰ্বল কৰিছে ৷ প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে ৮৩শতাংশ হৃদৰোগৰ কাৰণ হৈছে এনেধৰণৰ জীৱন শৈলী ৷ জন্মগত বা অন্যধৰণে সংক্ৰমিত আৰু আক্ৰান্ত হৃদৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম বুলি সদৰি কৰি ডাঃ মোদকে কয় 'ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী ৷ এয়া বাৰুকৈয়ে উদ্বেগৰ কাৰণ ৷ তেওঁ লগতে প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমবৰ্ধমান অত্যাচাৰকো হৃদৰোগৰ বাবে দায়ী কৰে ৷ কিয়নো মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেন উদাৰ প্ৰকৃতিয়ে বিনামূল্যে প্ৰদান কৰে ৷ কিন্তু প্ৰকৃতিৰ এই উদাৰতাৰ বিপৰীতে এচাম লোকে গছ-বন তহিলং কৰি সমাজ-জীৱনলৈ বিপদ নমাই আনিছে ৷ তেওঁ এনে কাৰ্যৰ বিৰোধীতা কৰাৰ লগতে প্ৰকৃতিক আপডাল কৰিবলৈ আহ্বান জনায়  ৷ বিষয় প্ৰসংগৰে তেওঁ সকলোকে খোজ কাঢ়া , চাইকেল চালনা আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তুলিবলৈও আহ্বান জনায় ৷ ইপিনে “বিশ্ব হৃদ দিৱস” উপলক্ষে “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”য়ে “গ্ৰীণ ক্লাছেচ , গুৱাহাটী”ৰ সহযোগত কাইলৈ এলানি কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰিছে ৷ সেই অনুসৰি পুৱা ৭ বজাত মহানগৰীৰ মঠঘৰীয়াৰ কাৰ্বন গেটৰ পৰা গীতামন্দিৰলৈ পদযাত্ৰা কৰা হ’ব ৷ তদুপৰি পুৱা ১১ বজাৰ পৰা সৰু সজাই ষ্টেডিয়ামৰ বিপৰীতে মহানন্দ তামুলী পথৰ ৰংমন নগৰস্থিত “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”ৰ কাৰ্যালয়ত বিনামূলীয়া চিকিসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷ এই কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে সংস্থাটিয়ে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here