হোটেল ঘৰ ৩৬৫ ৰেচিডেন্সিৰ নতুন পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

হোটেল ঘৰ ৩৬৫ ৰেচিডেন্সিৰ নতুন পদক্ষেপ

 



অভিনেত্ৰী আইমী বৰুৱাই উদ্বোধন কৰিলে ৰেষ্টুৰেণ্ট-কফি শ্বপ



W7s news,,ষ্টাফ ৰিপৰ্টাৰ,,মাত্ৰ কেইমাহমান আগতে সকলো আধুনিক সুবিধাৰ সৈতে এখন থ্ৰী ষ্টাৰ বিলাসী হোটেল "ঘৰ ৩৬৫"ৰেচিডেন্সি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত জুবিন গাৰ্গে অনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল। আগন্তুক উৎসৱৰ কথা মনত ৰাখি হোটেল ঘৰ ৩৬৫ ৰেচিডেন্সিয়ে এতিয়া ইন হাউচ ৰেষ্টুৰেণ্ট মুকলি কৰিছে 'মাচেল মিক্স ডাউন এ -মাল্টি- কুইজিন ৰেষ্টুৰেণ্ট'এএম -পিএম ২৪×৭ কফি শ্বপ, স্কাইহাই ৰুফটপ ৰেষ্টুৰেণ্ট। সকলো বুকিং আৰু ৱাক-ইন ডিনাৰৰ বাবে হোটেল চৌহদৰ ৰফ টপ ৰেষ্টুৰেণ্ট। এই অনুষ্ঠানৰ মুখ্য অতিথি অভিনেত্ৰী আইমী বৰুৱাই দেওবাৰে গুৱাহাটীৰ ছয়মাইল, জিএছ ৰোডত থকা ঘৰ ৩৬৫ ৰেছিডেন্সি হোটেল চৌহদত মাচেল মিক্স ডাইন এ মাল্টি-কুইজিন ৰেষ্টুৰেণ্ট,এএম -পিএম ২৪×৭ কফি শ্বপ আৰু স্কাইহাই উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অভিনেত্ৰী আইমী বৰুৱাই কয়"-হোটেল চৌহদত প্ৰৱেশ কৰাৰ সময়ত এই ঠাইখনৰ অনুভৱ ফাইভ ষ্টাৰ কেটেগৰী হোটেলৰ দৰেই ভাল লাগিছিল। হোটেল খনৰ ভিতৰ ভাগ আশ্চৰ্য জনক আৰু ফটোজেনিক। ইয়াৰ উপৰিও ঘৰ ৩৬৫ ৰেছিডেন্সিৰ কৰ্মচাৰী সকলৰ খাদ্য আৰু আতিথ্যই সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হ'ব"। এই সন্দৰ্ভত ব্যৱসায়ী ৰঞ্জিত কুমাৰ মালুৱে কয়"-আমি আমাৰ গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ সেৱা প্ৰদান কৰাত মনোনিৱেশ কৰিছো। মাচেল মিক্স ডাইন হৈছে এক মাল্টি কুইজিন ৰেষ্টুৰেণ্ট, য'ত খাদ্য ৰসিক সকলে বাচনি কৰিব পাৰিব ভাৰতীয়, চীনা, দক্ষিণ ভাৰতীয়, পাঞ্জাৱী, অৰিয়েন্টেল, থাই, ইটালিয়ান আদিকে কৰি বিভিন্ন ব্যঞ্জন। ভেজ-আৰু নন-ভেজ দুয়োটা ৰন্ধন প্ৰণালী পৰিৱেশন কৰোতে ১২৫ জন লোকৰ বহাৰ ব্যৱস্থা আছে। কেৱল নিৰামিষ ভোজী সকলৰ বাবে এক বিশেষ সুবিধা প্ৰদান কৰা হৈছে। খাদ্যৰ সমান্তৰালকৈ সংগীতৰ তালে-তালে খাপ খাবলৈ আকৰ্ষণীয় নৃত্যমজিয়াৰ সৈতে মন্ত্ৰমুগ্ধ হ'ব পাৰিব। ই হৈছে এক বহুমুখী হল, য'ত সন্মিলিত, ব্যক্তিগত, পাৰ্টি ক্লাৱ নাইট, উৎসৱৰ পাৰ্টি আৰু পাৰিবাৰিক অনুষ্ঠানৰ বাবে আগতীয়াকৈ বুকিং কৰিব লাগিব। মালুৱে লগতে কয়"-আমাৰ কফি শ্বপ ২৪ ঘন্টাই খোলা থাকিব। এই ৰেষ্টুৰেণ্ট খনত একেলগে ৮৩ জন লোকৰ বহাৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে, ঘৰ ৩৬৫ ৰেচিডেন্সি এক স্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিব। যেনে-গ্ৰেণ্ডিছ  বেংকুৱেট, স্কাইহাই ৰুফটপ লাউঞ্জ, আৰু বেংকুৱেট,মাচেল মিক্স-ডাউন, ডাবল বেচমেণ্ট,পাৰ্কিং স্পেচ, আৰু বহুতো সুবিধা উপলব্ধ আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here