W7S News;: অসম বিত্ত সেৱা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ২৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে লোকনির্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্র, গুৱাহাটীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি শ্ৰী দিব্যজ্যোতি নাথে আৰু শ্বহীদ তৰ্পণ কৰে শ্ৰী সত্যজিৎ ভাগৱতীয়ে। শ্ৰী কাকলি ভাগৱতীৰ বৰগীত পৰিৱেশনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ মুকলি সভাত অসম বিত্ত সেৱাৰ কেবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া আৰু সন্থাৰ প্ৰাক্তন সভাপতিৰ লগতে বিত্ত বিভাগৰ বৰ্তমানৰ সচিব শ্ৰীযুত দিলীপ কুমাৰ বৰা(আই.এ.এছ)দেৱক সম্বৰ্ধনা জনোৱা হয়। আবেলি অনুষ্ঠিত প্ৰতিনিধি সভাত অসম বিত্ত সেৱাৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। এই সভাতে সৰ্বসন্মতভাৱে অসম বিত্ত সেৱা সন্থাৰ আগন্তুক কাৰ্যকালৰ সভাপতি আৰু সম্পাদক হিচাবে ক্ৰমে শ্ৰী প্ৰণৱ শৰ্মা আৰু শ্ৰী নৱজ্যোতি গগৈক নিৰ্বাচন কৰি এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।
সমিতিৰ উপ সভাপতি হিচাবে বিনিময় ৰাজখোৱা, মানিকলাল দেৱ, হৰেন্দ্র নাথ বৈশ্য বণিয়া, যুটীয়া সম্পাদক হিচাবে নয়নমণি শৰ্মা, প্ৰাণজিত গায়ন, তৰুণ শইকীয়া, সহ সম্পাদক হিচাবে সৰোজ দ'ৰা, মৃদুল কুমাৰ দাস, হিমাদ্রি ঠাকুৰীয়া, সাহিত্য আৰু সাংস্কৃতিক সম্পাদক হিচাবে বিপুল ফুকন, প্ৰচাৰ সম্পাদক হিচাবে পৰেশজিৎ দাস, সদস্য হিচাবে হিৰামণি বৰ্মন, কৌশিক মল্লিক, হেমন্ত ডেকা, গণেশ ডেকা, শুভাঙ্কৰ দত্ত লহকৰ, ৰাজীৱ বৰ্মন, চিন্ময় হাজৰিকা আৰু ৰস্না শৰ্মাক নির্বাচিত কৰা হয়।
সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰী দিব্যজ্যোতি নাথ আৰু সম্পাদক শ্ৰীমাধৱ মালাকৰে নৱ নিৰ্বাচিত সমিতিৰ বিষয়ববীয়া সকললৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে সভাৰ সামৰণি পৰে।
No comments:
Post a Comment