W7s News ষ্টাফৰিপোৰ্টাৰ: আজি বিশ্ব নদী দিৱস। গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ পুনৰুজ্জীৱনৰ বাবে আত্মপ্ৰকাশ কৰা ছেভ ভৰলূ অভিযান গোটে জনসচেতনতাৰ কাৰ্যসূচী হিচাবে আজি এক বিশাল চাইকেল ৰেলীৰে নদী দিৱস উদযাপন কৰে। এই উদ্দেশ্যে ভৰলু নৈ আৰম্ভ হোৱা জোনালীৰ পৰা টিলিঙা স্প’ৰ্ট্চ ক্লাবৰ সহযোগত ক্লাবৰ ৫০ (পন্চাশ) জনীয়া সদস্য-সদস্যাৰ ৰেলী শংখ, তাল, টিলিঙাৰ মাংগলিক ধ্বনিৰ মাজেৰে ্পতাকা জোকাৰি শুভ উদ্বোধন কৰে বিশিষ্টা সাহিত্যিক আৰু সাংবাদিক অনুৰাধা শৰ্মা পুজাৰী আৰু পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। ইয়াৰ পিছত ৰেলী আগবাঢ়ে ভৰলুৰ পাৰে পাৰে আৰু কিছু অংশত ৰাস্তা বন্ধ কৰি ঘৰ সজোৱাৰ বাবে তৰুণ নগৰৰ আৱাসিক এলেকাৰ মাজেৰে গৈ ভৰলু সাঁকোৰে নদী পাৰ হৈ একেবাৰে ৰাজগড় ওলায়গৈ। তাৰ পৰা গুৱাহাটী শ্বিলং পথ পাৰ হৈ মাঝাৰ পথেৰে আকৌ ভৰলূৰ পাৰে পাৰে ৰেলী আগবাঢ়ি গৈ কুমাৰপাৰা নামঘৰত সমিতিৰ আমন্ত্ৰণ ক্ৰমে জিৰণি লবলৈ ৰয়। তাত মাহ প্ৰসাদ বিতৰণৰ পিছত অনুষ্ঠিত এখন চমু সজাগতা সভাত উদ্যোক্তা সকলৰ ফালৰ পৰা ডাঃৰবীন মজুমদাৰ আৰু ডঃবলেন দাস আৰু ৰেলীত চাইকেল চলাই অংশগ্ৰহণ কৰা শ্ৰীদেৱাশীষ শৰ্মাই এই ৰেলী তথা ছেভ ভৰলু আভিযান গোটৰ উদ্দেশ্যৰ লগতে পৌৰ নিগমৰ সদিচ্ছাৰ কথাৰে চমু বক্তব্য দাঙি ধৰে । ৰেলীৰ সামৰণি পৰে প্ৰাগজ্যোতিষ কলেজ প্ৰাংগনত। গুৱাহাটী চিটি আৰু গুৱাহাটী লুইত ৰ’টাৰী ক্লাবে আদৰণি জনাই সকলোকে আপ্যায়িত কৰাৰ অন্তত চমু সামৰণি সভাত ডাঃ মজুমদাৰ, দেৱাশীষ শৰ্মা আৰু টিলিঙা ক্লাবৰ হৈ ৰত্নমালা শৰ্মাই চমু ভাষণেৰে সকলো অংশগ্ৰহণকাৰী তথা আয়োজক গোটক ধন্যবাদ জ্ঞাপন কৰে।
No comments:
Post a Comment