ভৰত চন্দ্ৰ নৰহৰ সংবাদ মেল
প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ নাম জড়িত থকাৰ অভিযোগ
১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব
দলত অনুশাসন ভংগ নচলিব
W7s News ষ্টাফৰিপোৰ্টাৰ : 'দল বিৰোধী কাৰ্যকলাপত জড়িত থকা ১৫ খন জিলাৰ ২১২ জন সদস্যৰ বিৰুদ্ধে জাননী জাৰি কৰাৰ নিৰ্দেশনা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুশাসন তদন্ত কমিটিয়ে। বৃহস্পতিবাৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিধায়ক
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুশাসন তদন্ত কমিটিয়েৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে। তেওঁ কয় ' বিগত বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ প্ৰাৰ্থীক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায়/সমৰ্থন কৰি দল বিৰোধী কাৰ্য্যকলাপত জড়িত দলৰ প্ৰায় ২১২ জন সদস্যৰ বিৰুদ্ধে অভিযোগ পোৱা গৈছে। প্ৰায় ১৫ খন জিলা কংগ্ৰেছ কমিটিয়ে এই অভিযোগ সমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ওচৰত দাখিল কৰিছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই অভিযোগসমূহ পৰীক্ষা কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিছিল। এই তদন্ত কমিটীয়ে এই অভিযোগ সমূহ পৰীক্ষা কৰে আৰু যিসকল সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অভিযুক্ত কংগ্ৰেছ সদস্যসকলে আত্মপক্ষ সমৰ্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব। অভিযোগ সমূহৰ প্ৰতিলিপি লগত গাঠি দিয়া হ'ব । জিলা ভিত্তিত অভিযোগৰ সংখ্যা হৈছে ২১২ জন। আনহাতে মুঠ ১৫ খন জিলাত অভিযোগৰ সংখ্যা হৈছে ক্ৰমে কাৰ্বি আংলংত ৮ জন, লক্ষীমপুৰত ৫১ জন,
ডিব্ৰুগড়ত ১২ জন,
ধুবুৰীত ২৬ জন,
চৰাইদেউত ৮ জন,
তিনিচুকীয়াত ২৫ জন,
শোণিতপুৰত ৮ জন,
বিশ্বনাথত ২ জন, কামৰূপত (মেট্ৰ) ১৯ জন, হোজাইত ৮ জন, কামৰূপত (গ্ৰাম্য) ২ জন,
নগাওঁত ৫ জন, কৰিমগঞ্জত ২৯ জন, হাইলাকান্দিত ৫ জন আৰু বঙাইগাওঁত ৪ জন। এই সকলৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ নামো জড়িত হৈ আছে। টিকট প্রত্যাশীৰ নামো জড়িত আছে। তেওঁলোকৰ বিৰুদ্ধে কমিটিয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব। কমিটিয়ে বিচাৰিলে তেওঁলোকক বহিস্কাৰো কৰিব পাৰে। দলত অনুশাসন ভংগ নচলিব। দলত অনুশাসন ৰক্ষা কৰিব লাগিব। আনহাতে চৰকাৰে মাটিৰ দালাল বোৰৰ ৰৌ বৰালীক আটক কৰিলেহে এই অভিযান সফল হ'ব। চৰকাৰ নিৰপেক্ষ হ'ব লাগে। উপ-নিৰ্বাচনত আমি ছয়টা সমষ্টিতে প্ৰাৰ্থী দিম। আমাৰ মূল লক্ষ্য হ'ব থাওৰা আৰু মৰিয়ণি সমষ্টি। আমি শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।' সংবাদমেলত দলৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment