ৰাইজৰ দলৰ সৈতে সকলো সমৰ্থন প্ৰত্যাহাৰ ৭০ টা জনগোষ্ঠীয় সংগঠনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

ৰাইজৰ দলৰ সৈতে সকলো সমৰ্থন প্ৰত্যাহাৰ ৭০ টা জনগোষ্ঠীয় সংগঠনৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ ,: ৰাইজৰ দলৰ সৈতে সকলো সমৰ্থন প্ৰত্যাহাৰ ৭০ টা জনগোষ্ঠীয় সংগঠনে। এই সংগঠন কেইটাৰ যৌথ উদ্যোগত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ হৈ ৰুবুল দাসে কয় 'ৰাইজৰ দল এক অন্ধকাৰৰ যাত্ৰাত আগ বাঢ়িছে। ৰাইজৰ দলে ৰাইজৰ আগত যি বিশ্বাস সেইয়া ৰাখিবলৈ বিফল হৈছে। ব্যক্তিগত স্বার্থ কেন্দ্ৰিক হৈ পৰিল দলৰ নেতৃত্ব। ৭০ সংগঠৰৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰিলে আৰু সেয়ে ৭০ সংগঠন আজি ৰাইজৰ দলৰ সৈতে সকলো সমৰ্থন প্ৰত্যাহাৰ কৰিছে । আৰু ৭০ সংগঠন ভংগ হৈছে আজি আগন্তুক নিৰ্বাচনত কেৱল মাত্ৰ নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিছে। আমাৰ সৈতে কোনো আলোচনা নাই। 'আমচু’ নেতাক ৰাইজৰ দলত স্থান দিয়া কাৰ্যক গৰিহণা দিছোঁ।অখিল গগৈয়ে দলৰ সংবিধান অৱমাননা কৰিছে।।প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে ৰাইজৰ দল। কোম্পানীৰ চি এম ডি হৈছে অখিল গগৈ।ৰাইজৰ দলৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ ৭০ সংগঠনৰ। ৰাইজৰ দলৰ বিৰুদ্ধে একাধিক অভিযোগ।ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে দলটোৱে।।জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিছে, দলীয় অন্ত:কন্দলে গা কৰি উঠিছে। ব্যক্তি স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছে। চৰম একনায়কত্ববাদ চলিছে ৰাইজৰ দলৰ মাজত।।কোনো ধৰণৰ সাংগঠনিক কথা বতৰা ৭০ সংগঠনৰ সৈতে আলোচনা হোৱা নাই।৭০ সংগঠনৰ ঐক্যমঞ্চ আজিৰে পৰা ভংগ ঘোষণা ।ৰাইজৰ দলৰ কেন্দ্ৰীয়, জিলা আৰু আন্চলিক কমিটিৰ কেইবাজনো নেতা উপস্থিত।ৰাইজৰ আস্থাত থকা ‘ৰাইজৰ দল’ এতিয়া আৰু নাই। উল্লেখ্য, গুৱাহাটী প্ৰেছ ক্লাৱত ৭০ সংগঠনৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ বিষয়ববীয়াৰ সংবাদমেল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here