ৰাজীৱ ভৱনত অসম ৰাজ্যিক এন এছ ইউ আইৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

ৰাজীৱ ভৱনত অসম ৰাজ্যিক এন এছ ইউ আইৰ সংবাদ মেল

 



এ পি ডি চি এলৰ কেলেংকাৰী সন্দৰ্ভত

 সংবাদমেল


  হিমন্ত বিশ্ব শৰ্মাক স্কেম মামা আখ্যা





W7s News ষ্টাফৰিপোৰ্টাৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্কেম মামা আখ্যা দিছে অসম ৰাজ্যিক এন এছ ইউ আইয়ে। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃশানু বৰুৱাই কয় ' মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নতুন নাম দিব বিচাৰিছো 'স্কেম মামা'। কিয়নো ড০হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ আগে-পিছে  বহু পৰিমাণে দুৰ্নীতি কৰিছে।সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত এ পি ডি চি এলৰ কেলেংকাৰী হৈছিল তেন্তে ২ বছৰ কিয় লাগিল এই কেলেংকাৰী উৎখাত কৰিবলৈ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিয় তৃতীয় বৰ্গৰ চাকৰিৰ বাবে তিনি লাখ টকা পৰ্যন্ত ঘোচ দিয়া ঘটনা সংঘটিত হবলৈ পালে। পি এন আৰ ডি পৰীক্ষাতো ব্যাপক কেলেংকাৰী সংঘটিত হ'ল।  তেওঁ কেৱল ছাত্ৰ-ছাত্ৰী প্ৰতাৰণা কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো বিভাগতে দুৰ্নীতিৰ পাহাৰ গঢ়া হৈছে। এ পি এছ চি পৰীক্ষাত জালিয়াতি কৰা সকলক জামিন দিয়া হৈছে। কিয় চৰকাৰে দুৰ্নীতি কৰা সকলক সুৰক্ষা দি আছে। সাৰদা চিট ফাণ্ড, লুইছ বাৰ্জাৰ আদি কেলেংকাৰীত নাম সাঙুৰ খাই থকা হিমন্ত বিশ্ব শৰ্মাক ছাত্র-ছাত্ৰী সকলে কেৱল মামা নামেৰে নহয় 'স্কেম মামা' বুলি জানিব পাৰিব। বিজেপি চৰকাৰে প্ৰতাৰণা, প্ৰবঞ্চনাৰ ভেকোঁভাওনাৰ বাবে একো কৰা নাই। দুৰ্নীতি ৰোধ কৰাত এইখন চৰকাৰ সম্পূৰ্ণ বিফল হৈছে।নিয়োগৰ ক্ষেত্ৰত বিভিন্ন দুৰ্নীতি সংঘটিত কৰা বাবে  জালুকবাৰী সমষ্টিৰ তিনিজন লোকক গ্ৰেপ্তাৰ হৈছে। আমি নিয়োগৰ ক্ষেত্ৰত হোৱা সকলো দুৰ্নীতিৰ সৈতে জড়িত সকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে দাবী জনালোঁ।'তদুপৰি আমি 'হু কিল গান্ধী এণ্ড হোৱাই'' (Who kill Gandhi and why) শীৰ্ষক এক ভিডিঅ' প্ৰতিযোগিতা ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত কৰিম। এই বিষয়টোক লৈ ভিডিঅ' আজিৰ পৰা ২ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। জাতিৰ পিতা মহাত্মা গান্ধীৰ ত্যাগ সম্পৰ্কে জনমানসত প্ৰচাৰ কৰা আমাৰ মূল উদ্দেশ্য।  আমি লগতে সমগ্ৰ অসমত 'ব'লা আমি কেমপাচ যাওঁ' শীৰ্ষক কাৰ্যসূচীৰে শিক্ষানুষ্ঠানলৈ গৈ বিজেপিৰ  দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰিম।' সংবাদ মেলত ৰাজ্যিক এন এছ ইউ আইৰ অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here