সুলভ মূল্যৰ দোকানত অক্টোবৰ মাহৰ পৰা ৰাজসহাৰ্যযুক্ত যোগান ধৰা হ'ব চেনী আৰু দাইল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

সুলভ মূল্যৰ দোকানত অক্টোবৰ মাহৰ পৰা ৰাজসহাৰ্যযুক্ত যোগান ধৰা হ'ব চেনী আৰু দাইল

 



সুলভ মূল্যৰ দোকানত সামগ্রী নাপালে অভিযোগ দাখিল কৰক ১৯৬৭ টোল ফ্ৰী নম্বৰত


ৰাজ্যৰ থকা ৩৮,২৩৫ জন সুলভ মূল্যৰ ব্যৱসায়ীৰ ৪ কৌটি টকাৰ বকেয়া শীঘ্ৰে মোকলাই  দিয়াৰ ব্যৱস্থা কৰক - সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থা


W7s News ষ্টাফৰিপোৰ্টাৰ : 'সুলভ মূল্যৰ দোকানত চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা যোগান ধৰা হ'ব ৰাজসহাৰ্যযুক্ত চেনী আৰু ডাইল- এইদৰে কয় সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই। সোমবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংগবা মেলত তেওঁ লগতে কয় ' খানাপাৰাৰ ষ্টাফকলেজত দেওবাৰে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এঘন্টীয়া আলোচনা অনুষ্ঠিত হয়। যাতে তেওঁ আমাৰ সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে। লগতে অক্টোবৰ মাহৰ পৰা সুলভ মূল্যৰ দোকানত ৰাজসহাৰ্যযুক্ত যোগান ধৰা হ'ব চেনী আৰু ডাইল যোগান ধৰাৰ আশ্বাস দিয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩, অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰি ২ কৌটি ৫২ লাখ হিতধিকাৰীক সঠিক ভাবে সামগ্রী বিতৰণ কৰি থকা সুলভ মূল্যৰ দোকানী পৰিয়াল সমূহে নিজৰ প্ৰাপ্য কমিচন ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈকে ৪২.৯০ টকা প্ৰতি কুইন্টলত আদায় পাই আহিছিল। এই সমস্যাটো সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  লগতে ৫০ খন ৰেছন কাৰ্ডৰ তলত থকা ২৪৮১ খন সুলভ মূল্যৰ দোকান টেগ কৰিছিল যদিও তাৰ ভিতৰত বিধবা মহিলা আৰু শাৰীৰিক ভাৱে অক্ষম দোকানী সকলক ৰেহাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে

ঘোষণা কৰে। লগতে আমাৰ অনুজ্ঞাপত্ৰ সমুহ নৱীকৰণৰ বাবে তিনি বছৰলৈ ম্যাদ বৃদ্ধি কৰে। ৰাজ্যৰ থকা ৩৮,২৩৫ জন সুলভ মূল্যৰ ব্যৱসায়ীৰ ৪ কৌটি টকাৰ বকেয়া শীঘ্ৰে মোকলাই  দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী জনালোঁ। গুৱাহাটীত মুঠ ৬২৫ খন সুলভ মূল্যৰ দোকান আছে। আমি লগতে 'টাইড অভাৰ' ঘেঁহুৰ পৰিৱৰ্তে চাউল অবান্তন দিয়াৰ বাবে চৰকাৰক দাবী জনালোঁ। লগতে সুলভ মূল্যৰ দোকানত সামগ্রী নাপালে অভিযোগ দাখিল  ১৯৬৭ টোল ফ্ৰী নম্বৰত হিতদিকাৰীয়ে অভিযোগ দাখিল কৰিব পাৰিব। সুলভ মূল্যৰ দোকান সমূহত নিয়মীয়াকৈ চাউল আৰু কেৰচিন তেল যোগান ধৰি থকা হৈছে।'সংবাদ মেলত সন্থাৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here