আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰাক লৈ এইচডিএফচি বেংক-জিএনআইডিএ-ইউএনডিপিৰ মাজত গ্ৰেটাৰ নয়ডাত চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 September 2021

আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰাক লৈ এইচডিএফচি বেংক-জিএনআইডিএ-ইউএনডিপিৰ মাজত গ্ৰেটাৰ নয়ডাত চুক্তি স্বাক্ষৰ

 



W7s news ষ্টাফ ৰিপৰ্টাৰ,,,এইচডিএফচি বেংকে ইউএনডিপি ইণ্ডিয়াৰ সৈতে অংশীদাৰীত্ব কৰি গ্ৰেটাৰ নয়ডা ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ(জিএনআইডিএ)ৰে চহৰখনত স্বচ্ছতা কেন্দ্ৰ (সামগ্ৰী পুনৰুদ্ধাৰ সুবিধা) স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে।বুজাবুজি চুক্তি স্বাক্ষৰ সময়ছোৱাত উপস্থিত আছিল জিএনআইডিএৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন্দ্ৰ ভুশান, এইচডিএফচি বেংকৰ শাখা বেংকিং মুৰব্বী অখিলেশ কুমাৰ আৰু ইউএনডিপি ইণ্ডিয়াৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচীৰ প্ৰকল্প প্ৰৱন্ধক আৰু ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীকৃষ্ণ বালাচন্দ্ৰন। এই চুক্তিৰ ফলত গ্ৰেটাৰ নয়ডাৰ লোকসকল উপকৃত হ'ব।গ্ৰেটাৰ নয়ডাৰ নতুন স্বচ্ছতা কেন্দ্ৰটোৰ পৰা প্ৰতি মাহে ২০০-৩০০ শুকান আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ'ব।বেংকটোৱে সকলো চৰকাৰী অভিযানৰ সৈতে এই দিশত আগবঢ়া পদক্ষেপৰ লগত সংযোজিত হৈ আছে কাৰ্বন ইক'নমি হ্ৰাস কৰা। ইয়াত ইএছজি ৰণনীতিৰ অধীনত বেংকে পৰিৱেশ সুৰক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।যিটো এক মুখ্য গুৰুত্বপূৰ্ণ বিষয়।২০৩১-৩২ বৰ্ষৰ ভিতৰত কাৰ্বনৰ পৰিমাণ সীমিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ পৰা নিৰ্গমন, শক্তি, আৰু পানীৰ ব্যৱহাৰৰ চিন্তা চৰ্চা চলাইছে। বেংকে লোৱাৰ কাৰ্বন ফুটপ্ৰিন্ট প্ৰকল্পবোৰত উৎসাহিত আৰু বিনিয়োগ কৰিছে। ই কমিউনিটিবোৰত জলবায়ু পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিক বিপদাশংকা প্ৰতি তেওঁলোকৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সমৰ্থন কৰে । বেংকে ইয়াৰ পৃষ্ঠপোষকতাৰ বাবে প্ৰায় ৩ কোটি টকা আৱণ্টন কৰিছে। এই প্ৰকল্পটো ফ্লেগশ্বিপ চিএছআৰ কাৰ্যসূচী 'পৰিৱৰ্তন'ৰ অধীন।

এই সম্পৰ্কে এইচডিএফচি বেংকৰ চিএছআৰ, ব্যৱসায় বিত্ত আৰু ৰণনীতি, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গ্রুপ হেড অসীমা ভাটে কয়-"পাৰিপাৰ্শ্বিক, সামাজিক আৰু শাসনৰ (ইএছজি) বিবেচনা আমাৰ লোকাচাৰত অন্তৰ্ভুক্ত হৈ আছে, যিয়ে এক বহনক্ষম ভৱিষ্যতৰ প্ৰতি আমাৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। স্বচ্ছতা গ্ৰেটাৰ নয়ডাৰ কেন্দ্ৰই পৃথকীকৰণ আৰু সংগ্ৰহৰ এক আৰ্হি প্ৰচাৰ কৰে, যাৰ ব্যৱহাৰে সম্পদ আৰু চাফাই চাথিৰ জীৱিকাৰ মানদণ্ড উন্নত কৰাৰ লগতে চহৰখনৰো মানদণ্ড উন্নত কৰে। আমি নিশ্চিত যে শুকান আৱৰ্জনা, অজৈৱ-পচনশীল আৰু ক্ষতিকাৰক আৱৰ্জনাৰ পৰা চহৰখনৰ পৰিৱেশক ৰক্ষা কৰিব।"

এইচডিএফচি বেংক আৰু ইউএনডিপিয়ে শুকান আৱৰ্জনা পুনৰ্ব্যৱহাৰ আৰু ব্যৱস্থাপনা প্ৰকল্পত একেলগে কাম কৰি আছে। শুকান আৱৰ্জনাৰ ব্যৱস্থাপনা কাৰ্যসূচীৰ অংশ হিচাপে কাম কৰি থকা পাঁচখন চহৰ ক্ৰমে ডেৰাডুন, দিল্লী, পানাজী, ঋষিকেশ, আৰু উত্তৰকাশী।  প্ৰকল্পটোৱে ৪,০০০তকৈ অধিক মেট্ৰিক টন শুকান আৱৰ্জনা প্ৰক্ৰিয়া কৰিছে। ইউএনডিপিৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী ভাৰতৰ স্বচ্ছ ভাৰত (পৰিষ্কাৰ ভাৰত) অভিযান, Solid Waste Management Rules 2016 আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) নিয়ম ২০১৮ সৈতে সংযোজিত।এই সম্পৰ্কেই উএনডিপিৰ অ'আইচি প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচীৰ প্ৰকল্প প্ৰৱন্ধক 

শ্ৰীকৃষ্ণ বালাচন্দ্ৰনে কয়- "ইউএনডিপিৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী এক অনন্য প্ৰয়াস। ই সকলোবোৰ আনি দিয়ে এক বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰ্হি প্ৰদৰ্শন কৰিবলৈ আৱৰ্জনা মূল্য শৃংখলাৰ অংশীদাৰ দেশত।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here