বুধীন বৰুৱাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 September 2021

বুধীন বৰুৱাৰ মৃত্যু

 



W7s News ষ্টাফৰিপোৰ্টাৰ: জয়ন্তী যুগৰ কৃতি কবি সাহিত্যিক  তথা অসম আন্দোলনৰ অন্যতম শ্বহীদ প্ৰশান্ত কুমাৰ বৰুৱাৰ পিতৃ  বুধীন বৰুৱাৰ বাৰ্ধক্য জনিত ৰোগত ১৫ ছেপ্তেম্বৰৰ নিশা ১০-৪৫ মিনিটত  বেলতলাৰ নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। ১৯২৫ চনৰ ৭ অক্টোবৰত যোৰহাটৰ নকচাৰীত বুধীন বৰুৱাৰ জন্ম হৈছিল। নকচাৰীৰ মৌজাদাৰ তথা চাহখেতিয়ক প্ৰয়াত ৰোসেশ্বৰ বৰুৱাৰ বৰপুত্ৰ বৰুৱাই কলিকতাৰ স্কটিচ চাৰ্চ কলেজত শিক্ষা লাভ কৰি শ্বিলঙত পৰিবহন নিগমত কৰ্ম জীৱন আৰম্ভ কৰিছিল। চৰকাৰী চাকৰি ইস্তফা দি পিছলৈ তেওঁ কলম কটাৰীৰ ব্যবসায় আৰু যোৰহাট চৰকাৰী অতিথিশালা পৰিচালনাৰ দায়িত্ব লৈছিল। পিছলৈ গুবাহাটীলৈ আহি চাহপাতৰ ব্যবসায় আৰু তাৰকাযুক্ত হোটেল পৰিচালনাত জড়িত হৈছিল।ভূলৰ সপোন,বিজুলী,স্মৃতিৰ গধুলি, বিয়লীৰ স্মৃতিৰ ৰচক বৰুৱা এজন সৰবৰহী নিবন্ধ কাৰ আছিল।  ৯৬ বছৰত ইহলীলা সম্বৰণ কৰা বৰুৱাই দুজন ল'ৰা, এগৰাকী  ছোৱালীৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ যায়। বৰুৱাৰ সহধৰ্মিণী দীনা বৰুৱাৰ ২০১৬ চনত পৰলোক প্ৰাপ্তি হয়। নবগ্ৰহ শ্মশানত আজি আত্মীয় স্বজনৰ উপস্হিতিত বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here