W7s News ষ্টাফৰিপোৰ্টাৰ : মাজুলীৰ গড়মুড় চিকিৎসালয়ত কৰ্মৰত ডাঃ বিক্রমজিত বৰুৱাৰ আকস্মিক আৰু শোকাবহ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ভাৰতীয় চিকিৎসা সস্থা, অসম ৰাজ্যিক শাখাই। এই উপলক্ষে মঙলবাৰে অনুষ্ঠিত এখন শোক সভাত ভাৰতীয় চিকিৎসা সস্থা, অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰা আৰু অবৈতনিক সম্পাদক ডাঃ শিখা শৰ্মাই কয় ' নদী দ্বীপ মাজুলীৰ অনগ্ৰসৰ এলেকাত বিপদ-সংকুল যাতায়াতকো নেওচি দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা ডাঃ বৰুৱাৰ সেৱা আৰু অৱদানক মাজুলীবাসীয়ে নিশ্চয়কৈ সদায় মনত ৰাখিব। তেওঁৰ আকস্মিক মৃত্যু অসমৰ ৰাইজৰ লগতে চিকিৎসা সমাজৰ বাবেওঅপুৰণীয় ক্ষতি। আমি তেঁওৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।'
No comments:
Post a Comment