ৰাজ্যত ভয়াবহভাবে বৃদ্ধি পাইছে এইছ আই ভি পজিটিভ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 7 September 2021

demo-image

ৰাজ্যত ভয়াবহভাবে বৃদ্ধি পাইছে এইছ আই ভি পজিটিভ

Responsive Ads Here

 








W7s News ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যত ভয়াবহভাবে বৃদ্ধি পাইছে এইছআইভি পজিটিভ। এইছআইভি পজিটিভৰ সংখ্যা বৃদ্ধিৰ মূলতে  ড্ৰাগছৰ ব্যাপক প্ৰচলন। মঙলবাৰে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে। সংবাদমেলত সমিতিৰ প্ৰকল্প সঞ্চালক তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে কয় ' গুৱাহাটী মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি  পাইছে এইছআই ভি পজিটিভৰ সংখ্যা।  উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰখন হোৱা বাবে গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইৰ লোকৰ সমাগম হয়। সম্প্ৰতি ৬,৮৮৮ গৰাকী এইছআইভি পজিটিভ ৰোগীৰে শীৰ্ষস্থানত আছে কামৰূপ মহানগৰ জিলা।

ক'ভিডৰ পাছতে ভয়াৱহ ৰূপত কামৰূপ মহানগৰত এইছআইভি  পজিটিভৰ সংখ্যা বাঢ়িছে। ইয়াৰ মূলতে হৈছে চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযান। আমিও সংহত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে এইছআইভি চিনাক্তকৰণ বাবে পৰীক্ষাৰ পৰিমাণ বৃদ্ধি কৰিছোঁ। ড্ৰাগছ সেৱনকাৰীক পৰীক্ষা কৰাৰ পাছত এইছআইভি পজিটিভৰ ধৰা পৰে। লগতে তেওঁলোকৰ পৰা আমাৰ পৰামৰ্শদাতা সকলে  তেওঁলোকৰ বন্ধু সকলৰ ঠিকনা লৈ পৰীক্ষা কৰাৰ পাছত বহু সংখ্যক এইছআই ভিপজিটিভ চিনাক্তকৰণ কৰা হয়। আনহাতে কামৰূপ (ম) ৰ পাছত ডিব্ৰুগড়ত ১২৪৫, কাছাৰত ৪৬০৯, কৰিমগঞ্জত ৭২৯, নগাঁৱত ৮১১, গোলাঘাটত ৫১৬, শোণিতপুৰত ৫৩৯, যোৰহাটত ৬৫৪ গৰাকী ।  ৰাজ্যত সৰ্বমুঠ আক্রান্তৰ সংখ্যা ২১,২২৩ গৰাকী । গ্ৰাম্য অঞ্চলত নিজাববীয়াকৈ পৰীক্ষাৰ কৰিছে এইডছ কণ্টল ছ'চাইটিয়ে ৷ কামৰূপ মহানগৰত পৰীক্ষাৰ পৰিমাণ বৃদ্ধি হ'লে আৰু বৃদ্ধি পাব এইছ আই ভি  পজিটিভৰ সংখ্যা। এন এ চি  অ'ৰ পৰা কেৱল ৬ টা স্থানত পৰীক্ষাৰ অনুমতি দিয়া হৈছে এইডছ কন্টল চছাইটিক। সেয়ে হৈছে ক্ৰমে জি এম চি এইছ, এছ এম চি এইছ, ডিফু, গোলাঘাট, ডিব্ৰুগড় আৰু নগাঁও। এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন। তেতিয়াহে আমি এইছড নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। এই ক্ষেত্ৰত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ১৯৯৮ চনৰ পৰা আজিলৈ ৰাইজৰ মাজৰ সজাগতা  বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।' 

সংবাদ মেলত সমিতিৰ সহকাৰী সঞ্চালক ৰাজীৱ শৰ্মাই কয় ' সমগ্ৰ দেশত এইছ আই ভি/এইডছ সংক্ৰমণৰ হাৰ হৈছে ০.২২ শতাংশ। আনহাতে অসমত এই সংক্ৰমণৰ হাৰ হৈছে ০.০৯ শতাংশ। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত মিজোৰাম এইছ আই ভি পজিটিভৰ সংখ্যাৰ শীর্ষ স্থানত আছে।  ২০১৯ চনত এন এ চি অ' ৰ এইছ আই ভি পৰিসংখ্যা ক্ৰমে মিজোৰামত এইছ আই ভি সংক্ৰমিতৰ হাৰ ২.৩২ শতাংশ, চিকিম ০.০৭ শতাংশ, অৰুণাচল প্ৰদেশ ০.০৬ শতাংশ, মেঘালয় ০.৫৪ শতাংশ, নগালেণ্ড ১.৪৫ শতাংশ, মণিপুৰ ১.১৮ শতাংশ, ত্ৰিপুৰা ০.১০ শতাংশ আৰু অসম ০.০৯ শতাংশ। আমি চহৰাঞ্চলৰ লগতে গ্ৰাম্যা ঞ্চলত এইছ আই ভিৰ সজাগতা সৃষ্টিৰ  বাবে নাটিকা,ওজাপালি, পুতলা নাচ, অনাতাঁৰ টেলিভিছন, বাতৰিকাকত আদিৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছোঁ। ২০৩০ চনলৈ এইডছ মুক্ত অসম এখন গঢ়াৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ। এই ক্ষেত্ৰত সমাজৰ প্ৰতিজন সমাজ সচেতন লোকৰ আমি সহযোগিতা কামনা কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *