প্ৰায় ২৬০০ কিলোমিটাৰ চাইকেল চলাই কেদাৰনাথত উপস্থিত অসমৰ দুই যুৱক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 September 2021

প্ৰায় ২৬০০ কিলোমিটাৰ চাইকেল চলাই কেদাৰনাথত উপস্থিত অসমৰ দুই যুৱক

 



ড্ৰাগছ আৰু দুৰ্নীতি মুক্ত সমাজ গঢ়িবলৈ সজাগতা সৃষ্টিৰ প্ৰয়াস




W7s News ষ্টাফৰিপোৰ্টাৰ :

পৱিত্ৰ দেৱভূমি উত্তৰাখণ্ডৰ কেদাৰনাথ ভ্ৰমণ কৰিব বিচাৰে সকলোৱে।কিন্তু ব্যতিক্ৰমী ৰূপে কেদাৰনাথ ভ্ৰমণ কৰি চৰ্চিত হৈছে অসমৰ দুই যুৱক ৰাজদীপ কলিতা আৰু লক্ষ্যজ্যোতি দত্ত।অসমৰ পৰা সুদূৰ কেদাৰনাথলৈ প্ৰায় ২৬০০ কিলোমিটাৰ পথ বাই-চাইকেলেৰে অতিক্ৰম কৰি চর্চালৈ আহিছে ৰাজদীপ আৰু লক্ষ্যজ্যোতি। ড্ৰাগছ আৰু দুৰ্নীতি মুক্ত সমাজ গঢ়িবলৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ১৭ আগষ্টত ধেমাজিৰ পৰা বাই চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল ৰাজদীপ আৰু লক্ষ্যজ্যোতিয়ে।প্ৰায় ২৬০০ কিলোমিটাৰ অতিক্ৰম কৰি ৰাজদীপ আৰু লক্ষ্যজ্যোতিয়ে ৩৫ দিনৰ অন্তত ২০ ছেপ্টেম্বৰত উপস্থিত হয় কেদাৰনাথত।বাইচাইকেলেৰ এই শিহৰণকাৰী যাত্ৰা পথত দুয়ো গৰাকী যুৱকে নেওচিব লগা হৈছিল বতৰৰ প্ৰতিকূল তাকো। প্ৰখৰ ৰদৰ উত্তাপেও দুয়ো গৰাকী চাইকেল আৰোহীৰ যাত্ৰাত সৃষ্টি কৰিছিল প্ৰত্যাহ্বানৰ।নিশা হলে বিভিন্ন হোটেল,ৰেস্তোৰাঁত জিৰণি লৈ পুৱাই পুনৰ আৰম্ভ কৰিছিল যাত্ৰাৰ। উল্লেখ্য, ৰাজদীপ আৰু লক্ষ্যজ্যোতিৰ এই যাত্ৰা পথত হৰিদ্বাৰত সংগ দিছিল চণ্ডীগৰত অধ্যয়নৰত ধেমাজি নলনীপামৰ অবিনাশ কোঁচে।ড্ৰাগছ আৰু দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ সজাগতাৰ উদ্দেশ্যে এই ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী যাত্ৰা কৰা লক্ষ্যজ্যোতি দত্ত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া আনহাতে ৰাজদীপ কলিতা আইনৰ ছাত্র।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here