চি পি আইৰ সংবাদ মেলত ঘোষণা থাওৰা সমষ্টিত চি পি আইৰ দলৰ প্ৰাৰ্থী অধিবক্তা কৃষ্ণ গগৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 September 2021

চি পি আইৰ সংবাদ মেলত ঘোষণা থাওৰা সমষ্টিত চি পি আইৰ দলৰ প্ৰাৰ্থী অধিবক্তা কৃষ্ণ গগৈ




২৭ ছেপ্টেম্বৰত ভাৰত বন্ধ সফল কৰাৰ আহবান



W7s News ষ্টাফৰিপোৰ্টাৰ : 'থাওৰা বিধানসভা সমষ্টিত ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে (চি পি আই)য়ে প্ৰতিদ্বন্দিতা কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। যুৱনেতা, নিখিল ভাৰত যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক সভাপতি, অধিবক্তা, ৰাজ্যিক পৰিষদৰ আমন্ত্ৰিত সদস্য কৃষ্ণ গগৈয়ে আমাৰ দলৰ হৈ প্ৰতিদ্বন্দীতা আগবঢ়াব-এইদৰে কয় ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই। বুধবাৰে দলৰ গুৱাহাটীৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ কয় ' এই ক্ষেত্ৰত আমি সকলো বিজেপি বিৰোধী দলৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আমি ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ১৫ দফীয়া দাবী চনদৰ ভিত্তিত পথসভা, সমদল যাত্ৰাৰ জৰিয়তে সমগ্ৰ ৰাজ্যত প্ৰচাৰ অভিযান চলাম। যৌথ কৃষক সংগ্ৰাম সমিতি আৰু ট্রেড ইউনিয়ন সমূহৰ সন্মিলিত মঞ্চই ২৭ ছেপ্টেম্বৰত আহবান জনোৱা ভাৰত বন্ধ সফল কৰাৰ বাবে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আনহাতে ২ অক্টোবৰৰ গান্ধী হত্যাৰ দিনটো সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা দিৱস হিচাপে পালন কৰাৰ বাবে আহবান জনালোঁ। আমি লগতে কেন্দ্ৰিয় চৰকাৰে যুক্তৰাষ্ট্ৰীয় ব্যবস্থাৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সাংস্কৃতিক, বন্ধুত্বমূলক সংগঠনসমূহ আৰু ব্যক্তিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনগোষ্ঠী ৰাইজক লৈ এখন বিশাল অভিৱর্তন আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হ'ব। এই অভিৱর্তনত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ।বিজেপি দলে দল ত্যাগ কৰিবলৈ বিৰোধীক নানা প্ৰলোভন দি আহিছে। দল ত্যাগৰ প্ৰৱণতাৰ ফলত আমাৰ দেশৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিছে। তদুপৰি উগ্ৰপন্থী দমনৰ নামত সৃষ্টি কৰা ভুৱা সংঘৰ্ষবিলাক বন্ধ কৰিব লাগে। ইতিমধ্যে হৈ যোৱা তেনে সংঘৰ্ষবিলাকৰ ন্যায়িক তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ।' সংবাদ মেলত দলৰ ৰাজ্যিক সম্পাদক  মণ্ডলীৰ সদস্য ডম্বৰু বৰা, চক্ৰেশ্বৰ কলিতা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here