শংকৰদেৱ মহাবিদ্যালয়ত কেন্দ্ৰীয় শিক্ষক দিৱস উদ্‌যাপন: - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 5 September 2021

demo-image

শংকৰদেৱ মহাবিদ্যালয়ত কেন্দ্ৰীয় শিক্ষক দিৱস উদ্‌যাপন:

Responsive Ads Here

 

IMG-20210905-WA0030


মুখ্যমন্ত্ৰীৱে ছাত্ৰ-ছাত্ৰীৰ গুনগত শিক্ষা আৰু বিদ্যালয় -মহাবিদ্যালয়ৰ  সৰ্বাগীন বিকাশ ক্ষেত্ৰত গুৰুত্ব দিছে - মন্ত্ৰী বিমল বৰা




W7s News নিউজ ডেস্ক:সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাৰ পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত বিহপুৰীয়া সমষ্টিৰ  ভিত্তিত কেন্দ্ৰীয় শিক্ষক দিৱস উদ্‌যাপন কৰা হয় ৷ বিহপুৰীয়া সমষ্টিৰ বিধায়ক  ড০ অমিয় কুমাৰ ভূঞাৰ উদ্যোগত তথা শঙ্কৰদেৱ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত শিক্ষক দিৱস অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি হিচাপে মন্ত্ৰী বিমল বৰা ৷ জিলা খনৰ বিহপুৰীয়া সমষ্টিৰ প্ৰতিখন মহাবিদ্যালয়ৰ লগতে প্ৰতিখন বিদ্যালয়ৰ প্ৰধানসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত টেটৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰাপ্ত ৮৫ গৰাকী কৃতি  শিক্ষাগুৰুক সম্বৰ্ধনা জনাই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ৷ শিক্ষাৰ ক্ষেত্ৰত সমষ্টিটোক আগন্তুক দিনত আগুৱাই নিয়া লক্ষ্যৰে চলিত বৰ্ষটোক শিক্ষাবৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে। 

আনহাতে দেওবাৰে এই অনুষ্ঠানটোত থাকে অসম সাহিত্য সভাৰ মুখ্য সম্পাদক যাদৱ শৰ্মা ৷ অসম চৰকাৰৰ শক্তি,ক্ৰীড়া যুৱ কল্যাণ ,সাংস্কৃতিক পৰিক্ৰমা,আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাইiভাষণ প্ৰসংগত কয়  'মুখ্যমন্ত্ৰীৱে ছাত্ৰ-ছাত্ৰীৰ গুনগত শিক্ষা আৰু বিদ্যালয় -মহাবিদ্যালয়ৰ  সর্বাংগীন বিকাশ ক্ষেত্ৰত গুৰুত্ব দিছে  ৷লগতে তেওঁ উল্লেখ কৰে যে,লখিমপুৰ জিলাৰ বিহপুৰীয়া বাসীয়ে এগৰাকী সুযোগ্য বিধায়ক লাভ কৰিছে। সমষ্টি ভিত্তিত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা কেন্দ্ৰীয় শিক্ষক দিৱস কেৱল মাত্ৰ বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সম্ভৱ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *