গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 September 2021

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত অসম টেক্সটাইল ইনষ্টিটিউটৰ কাৰিকৰী শিক্ষক ৰবীন খাটনিয়াৰৰ বস্ত্ৰ বিষয়ক গ্ৰন্থ ' এ হেণ্ডবুক অন হেণ্ডলুম উইভিং' উন্মোচন কৰা হয়। প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি তথা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণিপুৰৰ সঞ্চালক তথা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান  গুৱাহাটীৰ অধ্যাপক ড০ অমৰেন্দ্ৰ  কুমাৰ দাসে গ্ৰন্থখন উন্মোচন কৰি  কয় ' হেণ্ডলুমৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। লেখকে এই গ্ৰন্থখনৰ জৰিয়তে নতুন চিন্তা ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। পাঠকে গ্ৰন্থখনৰ জৰিয়তে উপকৃত হ'ব পাৰিব। লেখকে এনেদৰে সুন্দৰ সৃষ্টি আগবঢ়াই যাওঁক আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যাওঁক।' সভাত মুখ্য অতিথি হিচাপে ভাৰতীয় হস্ততাঁত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক পি বাসু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড০ গুৰুপ্ৰসাদ খাটনিয়াৰ বিশিষ্ট অতিথি, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। সভাৰ আৰম্ভণিতে ধনস্মিতা দাসে বৰগীত পৰিবেশন কৰে। ড০ প্ৰশান্ত শৰ্মাই আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড০ সিদ্ধাৰ্থ নয়ন শৰ্মাই। সভাত দুগৰাকী শিক্ষাগুৰু ক্ৰমে অলক কান্তি পালচৌধুৰী আৰু অপূৰ্ব কুমাৰ দেৱচৌধুৰীক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জনোৱা হয়। সভাত অসম টেক্সটাইল ইনষ্টিটিউটৰ বিষয়া তথা লেখক ড০ জয়ন্ত দেৱ শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here