টাই আহোম জনগোষ্ঠীক জনজাতি কৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যত আন্দোলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 September 2021

টাই আহোম জনগোষ্ঠীক জনজাতি কৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যত আন্দোলন

 




W7s News ষ্টাফৰিপোৰ্টাৰ : টাই আহোম জনগোষ্ঠীক জনজাতি কৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যজুৰি আন্দোলন আৰম্ভ হৈছে। চলিত মাহৰ তিনি ছেপ্তেম্বৰৰ পৰা টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই সমগ্ৰ ৰাজ্য জুৰি তিনিদিনীয়া অৱস্থান ধৰ্মগত কায্যসূচী পালন কৰিছে ৷ টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতি কৰণৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ লোকসভা আৰু অসম বিধানসভাৰ ভোট নিজৰ পক্ষলৈ নিবলৈ সমৰ্থ হোৱা বিজেপি দল আৰু চৰকাৰৰ প্ৰতাৰণাত ক্ষুদ্ধ টাই আহোম জনগোষ্ঠীৰ শক্তিশালী যুৱ সংগঠন চমুকৈ টাইপাই সমগ্ৰ ৰাজ্য জুৰি আহ্বান কৰা অংশ স্বৰূপে দেওবাৰে টাইপা কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত কামৰূপ জিলাৰ গুৱাহাটী চচলৰ ধৰ্ণাস্থলীত টাই আহোম জনগোষ্ঠীক জনজাতি কৰণ আৰু স্বয়ত্ত পৰিষদ গঠনৰ দাবীত অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ন কৰে ৷ টাইপা কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈয়ে চৰকাৰক সকিয়াই দি প্ৰশ্ন কৰে ২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত মোডীয়ে দিয়া প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰিব ? বিজেপিৰ বাবে ২০১৪ কেতিয়া আহিব ?  এই চৰকাৰ খনে বাৰম্বাৰ টাই আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে ৷ আমি আৰু ললিপপ নাখাও ৷ প্ৰকৃততে ক'বলৈ গলে চৰকাৰ খনৰ আহোম জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত সদ ইচ্ছা নাই । ইতিমধ্যে অৰুণাচলৰ ১৩ টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাইছে ৷ কিন্তু অসমৰ ছটা জনগোষ্ঠীক আজি পৰ্যন্ত জনজাতিৰ মৰ্যাদা দিয়া নহ’ল ৷ আৰু অতিকৈ পৰিতাপৰ বিষয় ২০২১ বৰ্ষৰ বিধান সভাৰ  নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত  ছয় জনগোষ্ঠীৰ ঐক্য ধ্বংস কৰিবৰ বাবে অতি কৌশলগত ভাবে তিনিটা জনগোষ্ঠীক স্বায়ত্ত পৰিষদ ঘোষণা কৰা হ’ল ৷ কিন্তু আহোম জনগোষ্ঠীক স্বায়ত্ত পৰিষদ ঘোষণা কৰ নহ’ল ৷ যদি অতিশীঘ্ৰেই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসিত পৰিষদ গঠনৰ নকৰে, আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্ন আৰু মৈডাম সমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন ব্যৱস্থা নকৰে তেতিয়া হ’লে সমগ্ৰ ৰাজ্যতে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ লগতে উজনি অসম বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে মুখপাত্ৰ গৰাকীয়ে ৷ 

    অন্যহাতে টাইপা কেন্দ্ৰীয় উপসভাপতি অজিত দেউঘৰীয়াই ক্ষুভেৰে বক্তব্য ৰাখে যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনত একেবাৰে লাঞ্ছিত হোৱা জানগোষ্ঠীটোৱেই আহোম জনগোষ্ঠীটো ৷ জনজাতিৰ নামত প্ৰতাৰণা, স্বায়ত্ত শাসিত পৰিষদৰ নামত প্ৰতাৰণা, স্পেচিয়েল পেকেজৰ নামত প্ৰতাৰণা, সকলোতেই কেবল প্ৰতাৰণা। আসম চৰকাৰক সকিয়াই দি উপসভাপতি গৰাকীয়ে কয় যে এইয়া আৰম্ভণিহে। আহোম যুগৰ ঐতিহাসিক ঠাই সমূহ বেদখল মুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা, ইতিপূৰ্বে চৰকাৰে ঘোষণা শিৱসাগৰৰ আইকনিক ছাইটৰ বাবে নিৰ্ধাৰিত ৫০০ কোটি টকা মুকলি কৰি শীঘ্ৰে আচনিৰ কাম আৰম্ভ কৰা, আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে ঘোষণা কৰা বিশেষ পূজি ১২৫ কোটি মুকলাই দিয়াৰ উপৰিও ৫০০ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰা, আহোম ছাত্ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষ জলপানী ঘোষণা কৰাৰ দাবীত ৰূপায়ন কৰা ধৰ্মঘট কাৰ্যসূচীত অৰ্ধশতাধিক লোকে টাই আহোম সকলক শীঘ্ৰেই জনজাতি কৰণ কৰক, টাই আহোম সকলক শীঘ্ৰেই স্বায়ত্ত পৰিষদ গঠন কৰক, NO ST NO REST, WE WANT ST, কেন্দ্ৰীয় চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদী কা্য্যসূচীত উপস্থিত  থাকে ক্ৰমে আহোম সভাৰ উপসভাপতি ডা° নন্দন ফুকন, সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰা, টাইপাৰ কামৰূপ জিলাৰ বিষয়ববীয়া ক্ৰমে জিতু গগৈ, দেৱজিত গগৈ, সুৰ্য্য গগৈ, অমল গগৈ, ৰাহুল ফুকন ইত্যাদি ৷ আনহাতে একে দাবীত দেওবাৰে জুনাই, ধেমাজি, ঢ়কুৱাখানাত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here