ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ পাৰ্থ প্ৰতীম বৰাৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ পাৰ্থ প্ৰতীম বৰাৰ সংবাদমেল

 




অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি স্পষ্ট  অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানক আমি বিৰোধ নকৰোঁ



বিজেপিয়ে গোটেই বিষয়টো ধৰ্মীয় ৰূপ দিব বিচাৰিছে

চেম ষ্টেফৰ্ডৰ হত্যাৰ কি তদন্ত হ'ল, কি ব্যৱস্থা ল'লে



বিজেপি চৰকাৰৰ ১৯৮৩ চনৰ আন্দোলনৰ কথা  কোৱাৰ কথা অধিকাৰ নাই।

 

ধলপুৰৰত।যদি বাংলাদেশী আছে গ্ৰেপ্তাৰ কৰক, কংগ্ৰেছ লগত আছে

যদি বাংলাদেশী তেন্তে কিয় ৬ বিঘা  মাটি কিয় দিম বুলি কৈছে

খিলঞ্জীয়াৰ চৰকাৰে লাইকা দধীয়া, আমচাঙত কিয় উচ্ছেদিতক ভূমি দিয়া নাই


অসমীয়া সমাজখনক ধৰ্মীয় মেৰুকৰণেৰে বিভাজনকামী ৰাজনীতি যেন নকৰে সেই কথাকে আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছো




যদি উচ্ছেদিতৰ মাজত বাংলাদেশী আছে উলিয়াই দিয়ক, কংগ্ৰেছে সমৰ্থন কৰিব



 বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে আজমলক গালি পাৰে, নিৰ্বাচনৰ পাছত ব্যৱসায়ী কৰিবলৈ আজমলক সুবিধা কৰি দিয়ে


মুখ্যমন্ত্ৰীক কেনেকৈ লগ কৰিব পাৰি তাৰে অপেক্ষাত থাকে এ আই ইউ ডি এফ,  এইবাৰ স্মাৰকপত্ৰ দিছে মুখ্যমন্ত্ৰীক বিজেপি-এ আই ইউ ডি এফ  একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি



অৱসৰপ্ৰাপ্ত নহয় এজন কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাটো বিচাৰিছে কংগ্ৰেছে




W7s News ষ্টাফৰিপোৰ্টাৰ :'অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি স্পষ্ট যে অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানক আমি বিৰোধ নকৰো। কিন্তু অসম চৰকাৰে  চলোৱা মুক্তহত্যাক বিৰোধ কৰিছোঁ- এই ভাষ্য অসম প্ৰদেশ কংগ্রেছ কমিটিৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাৰ। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাই লগতে কয় ' কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা  পাঁচজন অসমীয়া যুৱক আৰু অসম মিজোৰাম সীমান্তত ৬ গৰাকী অসমীয়া হত্যাত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি  ভূপেন কুমাৰ বৰাই সীমান্তত গৈ অসমৰ হৈ গুলী বুকু পাতি লোৱাৰ বাবে সাজু হৈছিল। অসম সীমা সুৰক্ষাৰ বাবে কংগ্রেছ কৰ্মীৰ হাতত বন্দুক তুলি দিবলৈ তেওঁ আহ্বান জনাইছিল। তেতিয়া কিন্তু বিজেপি দলে ধৰ্মীয় ৰাজনীতিৰ কথা কোৱা নাছিল আৰু ধৰ্মীয় মেৰুকৰণ কৰা নাছিল। ছিপাঝাৰৰ ধলপুৰত দুজন নিৰীহ ব্যক্তিক মুক্তভাৱে গুলীয়াই হত্যা কৰা কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছো। অগণতান্ত্ৰিক আৰু হিটলাৰী শাসন আৰু মুক্তহত্যাৰ বিৰুদ্ধে যেতিয়া দৰং জিলা উপায়ুক্তক স্মাৰকপত্ৰ দিবলৈ যোৱাৰ পথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ লগতে দুজন সাংসদ, দহজনকৈ বিধায়কৰ লগতে বিৰোধী দলৰ দলপতি আৰু উপ দলপতিক উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াৰ লগতে প্ৰশাসনিক বিষয়া আৰু আৰক্ষীয়ে হতাহতি কৰি গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই বুকু পাতি গুলীয়াবলৈ আহ্বান জনাইছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে মানৱীয় দৃষ্টিকোণ ৰাখি উচ্ছেদ চলাব লাগে আৰু ক'ভিডৰ পৰিপেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ অভিযান স্হগিত ৰাখিবলৈ নিৰ্দেশ দিছিল,   কিন্তু বহু শিশু-মহিলাই বৰষুণৰ মাজত নিশা ত্ৰিপালৰ তলত বাস কৰিবলগীয়া হৈছিল, যিটো গণতান্ত্ৰিক দেশ এখনত মানৱীয়তাহননৰ বাবে এক দুৰ্ভাগ্যজনক উদাহৰণ স্বৰূপ । দুজনকৈ নিৰীহ ব্যক্তিক হত্যা কৰাৰ পাছত স্বৈৰাচাৰী চৰকাৰখনে এতিয়া উচ্ছেদিত পৰিয়ালসমূহক  ৬ বিঘাকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিছে। এই সকল লোক যদি অবৈধ বাংলাদেশী নতুবা সন্দেহযুক্ত নাগৰিকেই হয়, তেন্তে তেওঁলোকক ৬ বিঘাকৈ ভূমি দিয়াৰ ঘোষণা কিয় কৰিছে চৰকাৰে?   আৰু যদি  ৬ বিঘাকৈ ভূমি দিয়েই তেন্তে উচ্ছেদৰ নামত এই “মুক্ত হত্যা” কিয় কৰা হল ?যদি উচ্ছেদিতৰ মাজত বাংলাদেশী আছে উলিয়াই দিয়ক, কংগ্ৰেছে সমৰ্থন কৰিব। যদিহে তেওঁলোক সন্দেহযুক্ত নাগৰিক হয়, তেন্তে এখন দেশৰ সৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে এয়া ভাবুকি স্বৰূপ। চৰকাৰখন, প্ৰশাসন আৰু চৰকাৰী চোৰাংচোৱাই এই ক্ষেত্ৰত কিয় নীৰৱ ভূমিকা গ্ৰহণ কৰিছে,  আৰু তেওঁলোকক আজি পৰ্য্যন্ত কিয় আটক কৰা হোৱা নাই ? সোমবাৰে প্ৰকাশিত অসমৰ এখন আগশাৰীৰ বাতৰি কাকত  ৰ  প্ৰথম পৃষ্ঠাত “হৰিশঙ্কৰ ব্ৰহ্মৰ প্ৰতিবেদন অনুসৰি ৬ নং দফা কমিটিৰ অসমীয়াৰ সুৰক্ষাৰ প্ৰস্তাৱ ধোঁৱা চাঙত” বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। লগতে এইটোও ডাঙৰ প্ৰশ্নৰ বিষয় যে, ধেমাজিৰ ১ লাখ, তিনিচুকীয়াৰ ৫০ হাজাৰ, লখিমপুৰৰ ২৭ হাজাৰ আৰু গুৱাহাটীৰ নিচেই সমীপত থকা আমচাংৰ ভূমিহীন খিলঞ্জীয়া লোকসকলক কিয় ভূমি দিয়া হোৱা নাই? চৰকাৰে এই লোকসকলকো ৬ বিঘাকৈ ভূমি প্ৰদান কৰক। বিজেপি চৰকাৰৰ ১৯৮৩ চনৰ আন্দোলনৰ কথা  কোৱাৰ কথা অধিকাৰ নাই। ৮৩ ৰ আন্দোলনৰ প্ৰতি সন্মান জনাই সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৱেবঅসমত  কংগ্রেছ চৰকাৰ ভংগ কৰি দি, অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত ঐতিহাসিক অসম চুক্তিত স্বাক্ষৰ কৰিছিল। ৮৩ৰ গণ আন্দোলনক নটশিৰ কৰি ৰাজীৱ গান্ধীয়ে চুক্তি কৰিছিল, হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰীৰ আসন এৰিছিল ৮৩ত বৰ্তমানৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ সভাপতি সপ্তম অথবা অষ্টম শ্ৰেণীত আছিল ৮৩ৰ কথা আছুৱে ক'লে শুনিব পাৰি, বিজেপিয়ে ক'লে নোৱাৰি। হিন্দু ধৰ্মই নৰহত্যা কৰিবলৈ নিশিকায় আৰু ধৰ্মৰ নামত অসমীয়া সমাজখনক ধৰ্মীয় মেৰুকৰণেৰে বিভাজনকামী ৰাজনীতি যেন নকৰে সেই কথাকে আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছো। আমি কংগ্রেছ দলে বিজেপি চৰকাৰক সোঁৱৰাই দিছোঁ যে অসমক পুনৰ সেই গুপ্তহত্যা-মুক্তহত্যাৰ অসমলৈ ৰূপান্তৰিত নকৰিব। সেয়ে আমি অৱসৰপ্ৰাপ্ত নহয় এজন কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাটো বিচাৰিছোঁ। বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে আজমলক গালি পাৰে, নিৰ্বাচনৰ পাছত ব্যৱসায়ী কৰিবলৈ আজমলক সুবিধা কৰি দিয়ে। মুখ্যমন্ত্ৰীক কেনেকৈ লগ কৰিব পাৰি তাৰে অপেক্ষাত থাকে এ আই ইউ ডি এফ,  এইবাৰ স্মাৰকপত্ৰ দিছে মুখ্যমন্ত্ৰীক বিজেপি-এ আই ইউ ডি এফ  একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।'  সংবাদ মেলত প্ৰদেশ কংগ্ৰেছ কমিটিৰ অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here