W7s News ষ্টাফৰিপোৰ্টাৰ : বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউ জি চিয়ে ক'ভিড পৰিস্থিতিত শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু শৈক্ষিক বৰ্ষ সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিছিল আৰু ৩১ আগষ্টৰ ভিতৰত স্নাতক পৰীক্ষা সম্পূৰ্ণ কৰা, স্নাতকোত্তৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া ৩০ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত কৰি পহিলা অক্টোবৰৰ পৰা নতুন শৈক্ষিক বৰ্ষ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল । কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ ষান্মাষিক স্নাতক বৰ্ষৰ ফলাফল এতিয়ালৈ ঘোষণা হোৱা নাই। এই সম্পৰ্কে এছ এফ আইৰ অসম ৰাজ্যিক
আনকি আইনৰ বিভাগৰ পাঠ্যক্ৰমৰ শেষ ষান্মাষিকৰ পৰীক্ষাই অনুষ্ঠিত কৰা হোৱা নাই। ফলস্বৰূপে দেশৰ বিভিন্ন প্ৰান্ততত নামভৰ্তিৰ বাবে আবেদন জনোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল সমস্যাত পৰিছে। ইউ জি চিৰ নিৰ্দেশাৱলীত ৩১ ডিচেম্বৰলৈ নথি-পত্ৰ জমা দি থাকিব পাৰিব বুলি ক'লেও দেশৰ বহু উচ্চ শিক্ষা প্ৰতিষ্ঠানে ৩০ ছেপ্টেম্বৰৰ ভিতৰতে সকলো নথি-পত্ৰ তথা পঞ্চম অথবা ষষ্ঠ ষান্মাষিকৰ মাৰ্কছিট জমা দিয়াটো বিচাৰিছে। জমা নিদিলে বহু মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ লাভ কৰা আসনো হেৰুৱাব। আই আই টি, বিশ্ব ভাৰতী, এন এল ইউ, জামিয়া মিলিয়া, পুনে বিশ্ববিদ্যালয়, চাউঠ এছিয়ান বিশ্ববিদ্যালয় আদিকে ধৰি দেশৰ অন্য বহু উচ্চ শিক্ষানুষ্ঠানে নথি সমূহ বিচাৰিছে। ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীসকল সমস্যাত পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ফলাফল ঘোষণা কৰাৰ ব্যৱস্থা কৰাৰ লগতে এনে সমস্যাত পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ কোষ স্থাপন কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব পাৰে। এছ এফ আইয়ে এই বিষয়ে বুধবাৰে পৰীক্ষা নিয়ন্ত্ৰণক আৰু পঞ্জীয়কলৈ ইমেইল জৰিয়তে এক স্মাৰক-পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে শেষবর্ষৰ ফলাফল ঘোষণা কৰা আৰু এক কোষ স্থাপন কৰি অন্য শিক্ষানুষ্ঠানৰ সৈতে যোগাযোগ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। তাৰোপৰি আইন পাঠ্যক্ৰমৰ বি এ এল এল বি আৰু এল এল বিৰ দশম আৰু ষষ্ঠ ষান্মাষিকৰ পৰীক্ষা অতি শীঘ্ৰে অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰো দাবী জনায়।
No comments:
Post a Comment