সৰ্বকালৰ অকৰ্মণ্য পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী
W7s News ষ্টাফৰিপোৰ্টাৰ:'সম্প্ৰতি পৰিবহন বিভাগটো অসমৰ অন্যতম এটা দুৰ্নীতিগ্রস্ত বিভাগত পৰিণত হৈছে। সৰ্বকালৰ অকৰ্মণ্য পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। এমাহৰ ভিতৰতে অপসাৰণ কৰিব লাগে চন্দ্ৰ মোহন পাটোৱাৰীক। এজন দক্ষ পৰিবহন মন্ত্ৰীক অতি শীঘ্ৰে নিযুক্তি দিব লাগে-এই ভাষ্য সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি ভূপেন উজীৰৰ। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত সদৌ অসম উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' ৰাজ্যৰ প্ৰায়বোৰ জিলাতেই পৰিবহন বিষয়া তথা দালালে মিলি কৌটি কৌটি টকা লুণ্ঠন কৰি আছে। কিন্তু অতি আচৰ্যকৰ বিষয় যে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে চকু মুদা কুলিৰ ভাওঁ লৈ আছে। আভ্যন্তৰীণ জল পৰিবন বিভাগৰ গাফিলতিৰ বাবেই গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ভয়াবহ ফেৰী দুৰ্ঘটনাৰ পাছতো শেহতীয়াকৈ নিমাতি ঘাটত শোকাবহ ফেৰী দুৰ্ঘটনা সংঘটিত হ'ল। তথাপিও মন্ত্ৰী পাটোৱাৰীক অলপো সক্ৰিয় ৰূপত দেখা পোৱা নগ'ল। তদুপৰি মঙলদৈ পৰিবহন কাৰ্যালয়ত বিয়াগোম কেলেংকাৰী সংঘটিত হৈ আছে। বহু বছৰ ধৰি মঙলদৈত চাকৰি কৰি থকা বৰ্ত্তমানৰ জ্যেষ্ঠ সহকাৰী বিপুল কলিতাই একচত্ৰী সম্ৰাট হৈ দৰঙত লুণ্ঠনৰাজ চলাই আছে। তেওঁ দৰং জিলাৰ পৰিবহন বিষয়াসকলক কৰবাতে আঁতৰাই লূন্ঠনৰাজ চলাই আছে। জিলাখনৰ ইতা ভাটা, সাৰৰ গাড়ী, ডাম্পাৰ আদিৰ পৰা নিয়মিত ভাৱে লাখৰো অধিক ধন সংগ্ৰহ কৰি আহিছে। লগতে বাণিজ্যিক অনুজ্ঞাপত্ৰৰ নামত লাখ লাখ ধন সংগ্ৰহ কৰি আহিছে। এই অবৈধ ধন তথা দুৰ্নীতিৰ জৰিয়তে তেওঁ মঙলদৈ, নলবাৰী আৰু গুৱাহাটীত কৌটি টকাৰ অধিক মূল্যৰ সম্পত্তি ক্ৰয় কৰিছে। তেওঁ জিলা পৰিবহন বিষয়াৰ পাচৱৰ্ড আই ডি ব্যৱহাৰ কৰি আছে যিটো সম্পূৰ্ণ অবৈধ। সেয়ে আমি দৰং জিলাৰ পৰিবহন কাৰ্যালয়ৰ কেলেংকাৰীৰ তদন্ত তথা অবৈধ সম্পত্তিৰ তদন্ত কৰিবলৈ চৰকাৰক দাবী জনালোঁ। তদুপৰি কামৰূপ (ম), কামৰূপ গ্ৰাম্যত ট্ৰাক, ডাম্পাৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ মধ্যভোগীৰ জৰিয়তে পৰিবহন বিষয়াই ধন সংগ্ৰহ কৰি আছে। গতিকে এই সকলোবোৰৰ উচিত তদন্তৰ আমি দাবী জনালোঁ।' সংবাদ মেলত পৰিষদৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে কয় ' পৰিবহন বিভাগত চলি থকা দালাল ৰাজ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আভ্যন্তৰীণ জল পৰিবহন বিভাগত দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনা হৈছে কিন্তু একো পদক্ষেপ গ্ৰহণ নকৰিলে মন্ত্ৰীয়ে। ট্ৰাক, দাম্পাৰ,কমাৰ্চিয়েল লাইচেন্সৰ নামত অবাধ দুৰ্নীতি হৈ আছে। আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এমাহৰ সময় সীমা ধৰি দিছো চন্দ্রমোহন পাটোৱাৰীক অপসাৰণ কৰিবলৈ। আমি প্ৰধানমন্ত্ৰী,নীতিন গডকাৰীৰ ওচৰলৈও যাম অভিযোগ লৈ। বাছ ভাড়া নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। বাছৰ মালিকে নিজৰ ইচ্ছা মতে ভাড়া বৃদ্ধি কৰিছে যাৰ বাবে সৰ্বসাধাৰণে দুৰ্ভোগ ভুগিব লগীয়া হৈছে।
তদুপৰি ভু-মাফিয়াৰ লগত জড়িত ৰৌ বৰালীক আটক কৰক।দালালৰ নামত কেৱল পুথি খলিহনা ধৰিলে নহ'ব।
মাটিৰ দালালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়তে ফণী তালুকদাৰক দললৈ স্বাগতম জনাইছে। দালালক গামোচা পিন্ধাই দললৈ আদৰণি জনাইছে মুখ্যমন্ত্ৰীয়ে
ফণী তালুকদাৰক মাটিৰ ছিণ্ডিকেট বুলি আমি দেখি আহিছো।ৰামেশ্বৰ তালুকদাৰৰ লগতে ফণী তালুকদাৰকো আটক কৰিব লাগে। খৰ্গ দাহ কাৰ্য্যসূচীত এজনো অসমীয়া পুৰোহিত নোহোৱাক লৈও আমি দুখ প্ৰকাশ কৰিছোঁ। ২৫ জন পুৰোহিত বাহিৰৰ পৰা অনাটো আচৰ্যকৰ।'
সংবাদ মেলত পৰিষদৰ সম্পাদক জয়ন্ত গগৈৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment