মুম্বাই স্বৰ্ণ শাখাৰ 'আবৃত্তিয়ে পূর্ণ কৰে কবিতাৰ জীৱন' শীৰ্ষক এক পৰ্য্যালোচনা, - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 September 2021

মুম্বাই স্বৰ্ণ শাখাৰ 'আবৃত্তিয়ে পূর্ণ কৰে কবিতাৰ জীৱন' শীৰ্ষক এক পৰ্য্যালোচনা,

 '


'শব্দই লৈ আহে একোখন ছবি '



W7s News ষ্টাফৰিপোৰ্টাৰ: অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাই ২৬ চেপ্টেমবৰৰ বিয়লি গুগুল মিটৰ দ্বাৰা অনুষ্ঠিত কৰে। ছন্দোময়, অৰ্থব্যঞ্জক এই পৰ্য্যালোচনাটোৰ মুখ্য আলোচক আছিল, দুলিয়াজনৰ সংগীত নৃত্যম আবৃত্তি একাডেমী নামৰ শিক্ষানুষ্ঠানৰ অধ্যক্ষা ৰিজুমনি শইকীয়া তামুলী মুম্বাই সাহিত্য সভাৰ আজীৱন সদস্যা আৰু আহ্বায়িকা ডেইজি বৰগোঁহাইয়ে সকলোকে আদৰণি জনোৱাৰ লগতে আহিনৰ মনোমোহা ঋতুৰ বিষয়ে কৈ, বীৰেন্দ্ৰ নাথ দত্তৰ গীতৰ কলি এটিৰে শইকীয়া তামুলীক স্বাগতম জনায়। মুম্বাই সাহিত্য সভাৰ সভাপতি সুৰাইয়া জাহানে উপস্থিত দৰ্শক, শ্ৰোতা আৰু শইকীয়া তামুলীক আন্তৰিক আদৰণি জনায়।  ' যিমানে বিলাই দিবা, সিমানেই মহান হ'বা' -- ডঃ ভূপেন হাজৰিকাৰ এই বাণী সাৰোগত কৰি শইকীয়া তামুলীয়ে আবৃত্তিৰ মাজেৰে সকলোকে কিছু অৱদান দিবলৈ প্ৰয়াস কৰিছে বুলি কয়। তেওঁ ভাষণত লগতে কয় 'কবি আৰু আবৃত্তিকাৰৰ মাজত এক সংযোগ সদায় আছে। কবিতা এটা আবৃত্তিৰ দ্বাৰা শ্রোতাৰ কাণত ৰিঙিয়াই থকাতে আবৃত্তি কাৰৰ যোগ্যতা । স্পষ্ট উচ্চাৰণ, ছন্দ, লয় আদি শুদ্ধকৈ আবৃত্তি কৰিলেহে শুনোতাৰ ভাল লাগে।কবিতাৰ ছবিখন আবৃত্তিকাৰৰ কণ্ঠেৰেহে প্ৰতিফলিত হয়, তাতে আবৃত্তি হৈছে এক সুকুমাৰ কলা,আবৃত্তি কৰোতে কবিতাৰ নিৰ্বাচন, মুখস্থ ৰখা আৰু বিশেষকৈ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন , লগতে শ্বাস প্রশ্বাসৰ নিয়ন্ত্ৰনো লক্ষ্য কৰিব লাগে '।শইকীয়া তামুলীয়ে তেওঁৰ ভাষণৰ দ্বাৰা সকলোকে আকৃষ্ট কৰাৰ উপৰিও কেইবাটিও কবিতাৰ সুন্দৰ আবৃত্তি কৰে। মুম্বাই সাহিত্য সভাৰ সম্পাদক, দেৱব্ৰত চক্ৰৱৰ্তীয়ে কাৰিকৰী দিশত সহায় কৰাৰ উপৰিও কবিতাৰ ছন্দেৰে শইকীয়া তামুলীক আদৰণি জনায় আৰু নিজৰ কিছু বক্তব্যও দাঙি ধৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here