W7s newsষ্টাফ ৰিপোৰ্টাৰ,,,উত্তৰ-পূবৰ ৰাজ্য সমূহৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী বেলতলাৰ জয়ানগৰত নতুনকৈ মুকলি কৰা হৈছে দেশৰ ভিতৰতে অন্যতম অটো ডিটেলিং ষ্টুডিঅ', 'দ্য ডিটেলিং মাফিয়া'। যুৱ প্ৰজন্মৰ হাৰ্থ-থ্ৰব জুবিন গাৰ্গে সোমবাৰে অনুষ্ঠানিক ভাৱে অট' ডিটেলিং মাফিয়া উদ্বোধন কৰে। কোম্পানীটোৰ স্বত্বাধিকাৰী কুনাল চেঠী আৰু গুৱাহাটী ফ্ৰেঞ্চাইজিৰ মালিক হেমন্ত কুমাৰ মার্দা, গৌৰৱ মাৰ্ডা, সৌৰভ মার্দাৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী মার্দাই কয়"-এই অটো ডিটেলিং ষ্টুডিঅ'ত ডিটেলিং পেইণ্ট সংশোধন, চিৰামিক, কোটিং,পেইণ্ট সুৰক্ষা চলচ্চিত্ৰ(পিপিএফ),উইণ্ডো হিট ৰিজেকচন ফিল্মিং আৰু টিণ্টিং, ডেণ্টিং, পেইণ্টিং,সম্পূৰ্ণ বাহন পুনৰুদ্ধাৰ, আণ্ডাৰবডী কোটিং,প্ৰিমিয়াম ৱাছিং,আৰু ৰিষ্টোৰেচন আদিকে ধৰি বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা হ'ব। এই সেৱবোৰে এখন গাড়ীৰ ক্ষমতা বৃদ্ধি কৰিব। ষ্টুডিঅ'ত সেৱাবোৰ সকলো পৰিসৰৰ বাহনৰ বাবে ৭০০ টকাৰ পৰা ৩ লাখ টকালৈকে আৰম্ভ হ'ব। একেদৰে সেৱাবোৰত থাকিব ৱেৰেণ্টিৰ সুবিধা। উল্লেখযোগ্য যে, এই সুবিধা দুচকীয়া বাহনতো প্ৰয়োগ কৰিব পাৰি।
No comments:
Post a Comment