W7s News ষ্টাফৰিপোৰ্টাৰ : লোকসাহিত্যৰ গৱেষক, কথা-সংগীত শিল্পী, পদ্মশ্ৰী ড০ বীৰেন্দ্ৰনাথ
দত্তক দেওবাৰে শিল্পী সাহাৰ্য নিধি,অসম আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ উদ্যোগত শিল্পীজনৰ বাসগৃহ 'কল্পলোক'ত এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য, বৰ্ষীয়ান শিল্পীজন বিগত প্ৰায় দুই বছৰ ধৰি শৰ্যাশায়ী হৈ আছে। শিল্পী সাহাৰ্য নিধিৰ হৈ মৃণাল কান্তি দাস, সম্পাদক চেতনা দাস, নেচিমুৰ মজিদ আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ হৈ সভাপতি আমিনুল হক,সম্পাদক কিশোৰ কুমাৰ দাস, নিখিলেশ বৰুৱা, সঞ্জিৱ গোহাঁই বৰুৱাৰ লগতে গতি অসমৰ হৈ অনুভৱ পৰাশৰ উপস্থিত থকা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ড০ বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে অসমৰ সংগীত, শিল্প-কলা ইত্যাদি বিভিন্ন বিষয়ৰ বিষয়ে এটা অন্তৰংগ আলোচনা অনুষ্ঠিত হয়। আনহাতে শিল্পী সাহাৰ্য নিধি,অসম আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ তৰফৰ পৰা ড০ বীৰেন্দ্ৰ নাথ দত্তক সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, দুয়োটা অনুষ্ঠানৰ স্মাৰকেৰে সন্মান জনোৱা হয়।
No comments:
Post a Comment