প্ৰেৰণাৰ আলোচনী 'নিয়ৰৰ ফুল' ৰ গ্ৰন্থ উন্মোচন আৰু কবিতাৰ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 September 2021

প্ৰেৰণাৰ আলোচনী 'নিয়ৰৰ ফুল' ৰ গ্ৰন্থ উন্মোচন আৰু কবিতাৰ মেল

 



W7s News ষ্টাফৰিপোৰ্টাৰ:


প্ৰেৰণাৰ আলোচনী 'নিয়ৰৰ ফুল' ৰ উদ্যোগত আৰু 'সাহিত্যৰ সুবাস' আলোচনীৰ সহযোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন আৰু কবিতাৰ মেলৰ আয়োজন কৰা হয়। প্ৰাক্তন ন্যায়াধীশ, কবি সাহিত্যিক বিনয় কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট কবি, সঞ্চালন ৰোনাণ্ড টাইডৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।নিয়ৰৰ ফুল' ৰ সভাপতি বিজু ফুকন কলিতা আৰু সম্পাদক, কবি জুৰিমনি মুদৈয়ে আঁতধৰা অনুষ্ঠানতপ্ৰেৰণা আলোচনী 'নিয়ৰৰ ফুল' ৰ তৃতীয় সংখ্যা উন্মোচন কৰে কবি, লেখিকা ঊষাৰাণী দেৱীয়ে। জয়শ্ৰী জি কলিতা (অৰ্পণা কলিতা)ৰ 'জয়শ্ৰীৰ কবিতাই উচুপে' উন্মোচন কৰে ' কবি জুৰিমণি মুদৈয়ে। আনহাতে কবি' জুৰিমণি মুদৈৰ 'জীৱন মৰুত সুখৰ মৰূদ্যান' উন্মোচন কৰে কবি, লেখিকা গীতা দত্তই। অনুষ্ঠানত জটিল ৰোগত আক্ৰান্ত কবি, লেখিকা পৰিহাৰ শৰ্মাক 'নিয়ৰৰফুল' আৰু 'সাহিত্যৰ সুবাসৰ তৰফৰ পৰা 'জীৱন সঞ্জীৱনী বঁটা ২০২১ প্ৰদান কৰা হয়। অনুষ্ঠানত স্বাধীনতা দিৱস লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হয়। অনুষ্ঠানত বহু সংখ্যক কবিয়ে কবিতা পাঠ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here