৩৩ শতাংশ মহিলা আসন সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত কৰাৰ দাবীত মহিলা সংগঠনৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 September 2021

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত কৰাৰ দাবীত মহিলা সংগঠনৰ প্ৰতিবাদ

 





W7s News ষ্টাফৰিপোৰ্টাৰ : ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত কৰাৰ দাবীত ৰাজ্যজুৰি কেইবাটাও মহিলা সংগঠনে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীতো যৌথ ধৰ্ণা কাৰ্যসূচী গুৱাহাটী ক্লাব ৰ'টাৰীত ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষিত কৰক, মহিলাৰ আসন সংৰক্ষিত বিধেয়ক আগন্তুক লোকসভাত গৃহীত কৰক আদি শ্লোগান দিয়ে।

এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ সাধাৰণ সম্পাদক অসমী গগৈয়ে কয় ' ১৯৯৬ চনৰ ১২ ছেপ্তেম্বৰৰ দিনটোতে লোকসভাত মহিলাৰ ৩৩ শতাংশ মহিলা বিধেয়কখন উত্থাপন কৰা হৈছিল কিন্তু ৰাজনৈতিক দলবোৰৰ মাজত সহমতকে ধৰি নানা অজুহাতৰ দোহাই দি বিধেয়কখন গৃহীত নকৰিলে। লোকসভাৰ ইতিহাসত এয়াই প্ৰথম  ২৫ বছৰ কাল মহিলা বিধেয়কখন এনেদৰে  উপেক্ষিত হৈ পৰি থকাটো। এই কথাই স্পষ্ট কৰিছে মহিলাৰ প্ৰতি আমাৰ জন প্ৰতিনিধি পিতৃপ্ৰধান সমাজখনৰ দৃষ্টিভংগী। সমাজৰ অৰ্ধাকাশ মহিলাসকলৰ সমতাৰ অধিকাৰ ৰূপে ৭৬ বছৰীয়া স্বাধীন দেশখনত  ৰাজনৈতিক  সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ ৩৩শতাংশ আৰক্ষণ  বিধেয়কখনক কোনো কাৰণতে উপেক্ষা কৰা উচিত নহয়।  সেয়ে ২০২১ চনৰ ১২ ছেপ্তেম্বৰৰ ঐতিহাসিক দিনটোতেই মহিলা সংগঠনসমূহে বিধেয়কখন লোকসভাত গৃহীত কৰাৰ দাবীত পুনৰ সংগঠিত সংগ্ৰামক আগুৱাই লৈ যাবলৈ বাধ্য।' এই কাৰ্যসূচীৰ জৰিয়তে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক সম্পাদক নিয়তি বৰ্মনে কয় ' মহিলা সৱলীকৰণৰ স্বাৰ্থত ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাসকলক অংশীদাৰীত্ব কৰাৰ কাৰণেই মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধয়েকখন লোকসভাত গৃহীত কৰাটো অতি জৰুৰী। সেয়ে চৰকাৰে আগন্তুক লোকসভাত বিধেয়কখন উত্থাপন, আলোচনা আৰু ভোট গ্ৰহণ কৰক।'এই কাৰ্যসূচীৰ জৰিয়তে কামৰূপ (ম) জিলা উপায়ক্তৰ জৰিয়তে সংগঠন কেইটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here