W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 'বুটিক্স অৱ ইণ্ডিয়াৰ ৩০ সংখ্যক এস্কিভিশ্বন'। লেডীজ চাৰ্কেল ইণ্ডিয়াৰ উদ্যোগত গুৱাহাটীৰ জু-ৰোডস্থিত এম্বি য়েন্স বেংকৱেট প্ৰেক্ষাগৃহত এই প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। গুৱাহাটী চিটি লেডীজ চাৰ্কেল ১৫৯ শাখাৰ সভাপতি মেঘা জালানৰ উপস্থিতিত লেডীজ চাৰ্কেল ইণ্ডিয়াৰ ক্ষেত্ৰ অধ্যক্ষ দীপিকা আগৰৱালে আনুষ্ঠানিক ভাৱে এই প্রদর্শনী উদ্বোধন কৰে।এই অনুষ্ঠানত আই পি পি নুপুৰ আগৰৱাল আৰু বি অ' , আইৰ সঞ্জয় আগৰৱাল উপস্থিত থাকে। এই প্রদর্শনীত দিল্লী, কলকাতা,লক্ষ্ণৌ, বেঙ্গালুৰু আৰু কানপুৰ আদি চহৰৰ ডিজাইনাৰ সকলৰ সাজ-পোছাক বিশেষকৈ জোতা, চেন্ডেল, গৃহ সজ্জা আৰু আ-অলংকাৰ উপলব্ধ হৈছে।
No comments:
Post a Comment