বৃহত্তৰ গুৱাহাটীৰ অটোৰিক্সা সমম্বয়ৰক্ষী সমিতিৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 September 2021

বৃহত্তৰ গুৱাহাটীৰ অটোৰিক্সা সমম্বয়ৰক্ষী সমিতিৰ সংবাদ মেল

 



অটোৰিক্সৰ পথ কৰ দুগুণ বৃদ্ধি



 চৰকাৰক তাৎক্ষণিকভাৱে সমস্যা সমাধানৰ দাবী


 ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমস্যা সমাধান নহলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব




W7s News ষ্টাফৰিপোৰ্টাৰ : অটোৰিক্সৰ পথ কৰ দুগুণ বৃদ্ধি কৰা কাৰ্য অতিশীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে বৃহত্তৰ গুৱাহাটীৰ অটোৰিক্সা সমম্বয়ৰক্ষী সমিতিয়ে। বুধবাৰে সমিতিৰ খ্ৰীষ্টানবস্তিস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন এই দাবী উত্থাপন কৰি সমিতিৰ সম্পাদক পবিত্র কুমাৰ বৈশ্যই কয় ' চলিত বছৰৰ ৩১ আগষ্টত হঠাতে আমাক আচৰিত কৰি প্ৰতিখন অটোৰ পথ কৰ দুগুণ বৃদ্ধি কৰাত আমি ৩৫০০ টকাকৈ দিবলগীয়া হৈছে। আমাক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ জাননী নিদিয়াকৈ এই দৰে পথ কৰ বৃদ্ধি কৰিছে। যাৰফলত আমাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে আমাৰ সন্থা সমূহত সাধাৰণ সদস্যই এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰিছে। আমি বিগত দিনত অটোৰিক্সৰ পথ কৰ অসম চৰকাৰৰ ৰাজপত্ৰত উল্লেখিত নিৰ্দেশ মৰ্মে  অটোৰিক্সৰ বয়স অনুযায়ী ১ বছৰৰ পৰা ৩ বছৰলৈ ১৮০০ টকা, ৩ বছৰৰ পৰা ৬ বছৰলৈ ১৭০০ টকা, ৬ বছৰৰ পৰা ১০ বছৰলৈ ১৬০০ টকা আৰু ১০ বছৰৰ পাছত ১৫০০ টকা পৰিশোধ কৰি আহিছোঁ। অটোৰিক্সৰ পথ কৰ দুগুণ বৃদ্ধি কৰাকলৈ অটোচালক সকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। সেয়েহে ভৱিষ্যতে যাতে এই বিষয়লৈ কোনো ধৰণৰ জটিল পৰিৱেশৰ সূচনা নহয় তাৰপ্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে পথ কৰৰ সমস্যা সমাধান কৰিবলৈ দাবী জনালোঁ। এই সন্দৰ্ভত আমি চলিত মাহৰ ৬ ছেপ্টেম্বৰত জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন) কামৰূপ মহানগৰ, পৰিবহন আয়ুক্ত, কামৰূপ (ম) জিলা উপায়ুক্ত আৰু কামৰূপ (ম) ৰ আঞ্চলিক পৰিবহন প্ৰাধিকাৰীক স্মাৰক পত্ৰ প্ৰদান কৰোঁ যদিও আজি পৰ্যন্ত কোনো সঁহাৰি লাভ নকৰিলো। সেয়েহে চৰকাৰে তাৎক্ষণিকভাৱে আমাৰ সমস্যা সমাধানৰ নকৰিলে ১৫ ছেপ্টেম্বৰৰ পৰা আমি প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।' সংবাদ মেলত সমিতিৰ সভাপতি ইয়াজুল হক, কাৰ্যকৰী সভাপতি ইউচুফ আহমেদ, কাৰ্যকৰী সম্পাদক ৰূপম কলিতা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here